মৰিগাঁও, ৫ এপ্ৰিল :কীটনাশকৰূপী বৰবিহৰ বিৰুদ্ধে মৰিগাঁও জিলা কৃষি বিভাগে অধিক তীব্ৰতৰ কৰি তুলিছে অভিযান (Morigaon Agriculture department) । ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ ৰোধ কৰাৰ উদ্দেশ্য মৰিগাঁও জিলা কৃষি বিভাগৰ টাস্ক ফ'ৰ্চে (Morigaon district Agriculture Task force) মঙলবাৰে জাগীভকতগাঁও কৃষি চক্ৰৰ অধীনৰ ঝাৰগাঁও বজাৰত কেইবাখনো সাৰ আৰু কীটনাশক দ্ৰব্যৰ বিপণি পৰিদৰ্শন কৰে (operation against chemical pesticide) ।
পৰিদৰ্শনকাৰী দলটোৱে বিপণিসমূহ পৰিদৰ্শন কৰি বিভাগীয় নীতি-নিয়ম অনুসৰি কীটনাশক দ্ৰব্য বিক্ৰী কৰাৰ বাবে স্বত্ত্বাধিকাৰীসকলক বিশেষ নিৰ্দেশনা প্ৰদান কৰে (Morigaon Agriculture department visited agri field) । ইয়াৰ পাচতে দলটোৱে ঝাৰগাঁও সাপ্তাহিক বজাৰত কেইবাখনো শাক-পাচলিৰ বিপণি পৰিদৰ্শন কৰি কীটনাশক দ্ৰব্যৰ সঠিক ব্যৱহাৰৰ সন্দৰ্ভত ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে । ইয়াৰ উপৰি বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ী আৰু একাংশ ৰাইজৰ মাজত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ সঠিক মাত্ৰাত ব্যৱহাৰৰ বিষয়ে সজাগ কৰে ।
উক্ত পৰিদৰ্শনকাৰী দলটোত জাগীভকতগাঁও কৃষি চক্ৰৰ উন্নয়ন বিষয়া কস্তুৰী শিৱম, মৰিগাঁও কৃষি চক্ৰৰ উন্নয়ন বিষয়া পদুম বৰা, গছৰগুৰি আৰু মৈৰাবাৰী কৃষি চক্ৰৰ উন্নয়ন বিষয়া গৌৰৱ কাশ্যপ আৰু মাধুর্য হাজৰিকা, আঁচনি বিষয়া পুনম শইকীয়াৰ লগতে মিডিয়া বিশেষজ্ঞ গৌতম কুমাৰ নাথে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে জিলা কৃষি বিভাগৰ নেতৃত্বত কীটনাশক দৰৱৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত কৃষি বিষয়াসকলে সাধাৰণ কৃষকৰ মাজত বিষাক্ত কীটনাশক ব্যৱহাৰৰ ভয়ংকৰ পৰিণতিৰ বিষয়ে ব্যাখ্যা আগবঢ়াই কয় যে এই কীটনাশক ৰাসায়নিক ঔষধ প্ৰয়োগে সমাজখনক পংগু কৰিব ।
কৃষি বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞৰ দলে বিষাক্ত কীটনাশক ৰাসায়নিক ঔষধ ব্যৱহাৰৰ ফলত মানৱ দেহত সৃষ্টি হোৱা বিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত মানৱ দেহৰ বিভিন্ন কোষসমূহ নিষ্ক্ৰিয় হৈ যায় বুলি প্ৰমাণিত হোৱাৰ বিষয়ে তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায় । কীটনাশক দৰৱ মানৱ দেহৰ বাবে মাৰাত্মক বুলি তেওঁলোকে বক্তব্য আগবঢ়ায় । আনহাতে, মহকুমাৰ কৃষি বিষয়া অশোক শৰ্মাই যিসকল কৃষক আৰু ব্যৱসায়ীয়ে এই কীটনাশক দৰৱ ব্যৱহাৰ আৰু বিক্ৰী কৰিব, তেওঁলোকক আইন অনুসৰি জৰিমনা আৰু কাৰাদণ্ড বিহা হ'ব বুলিও সকীয়াই দিয়ে ।
লগতে পঢ়ক :Money laundering incident in Majuli: মাজুলীত বেনামী সংগঠনৰ নামত ধন সংগ্ৰহৰ চেষ্টা