মৰিগাঁও, 9 জানুৱাৰী : উত্তৰ-পূবৰ লগতে অসমত ড্ৰাগছ আসক্তি এক ভয়ংকৰ সামাজিক ব্যাধি হিচাপে পৰিগণিত হৈছে ৷ এই ড্ৰাগছ আসক্তিয়ে যুৱ প্ৰজন্মৰ সৃষ্টিশীল প্ৰৱণতাক ধ্বংস কৰাই নহয় যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি ভৱিষ্যতক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিছে ৷
ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে ধিঙত সজাগতা সভা - ড্ৰাগছ আসক্তি
ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে শনিবাৰে স্কাউট এণ্ড গাইডৰ উদ্যোগত মৰিগাঁও জিলাৰ ধিঙৰ বৰভেটি বজাৰ প্ৰাংগণত এক সজাগতা সভা আয়োজন কৰা হয় ৷ সভাত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে উত্তৰ-পূৱ ভাৰতৰ বিশিষ্ট ইছলামিক পণ্ডিত মুফটি আব্দুল কৰিম কাছিমি ৷
ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে ধিঙত সজাগতা সভা
সেয়েহে যুৱ প্ৰজন্মৰ চেতনাক ধ্বংস কৰিব পৰা এই ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে স্কাউট এণ্ড গাইডৰ উদ্যোগত মৰিগাঁও জিলাৰ ধিঙৰ বৰভেটি বজাৰ প্ৰাংগণত এক সভা সজাগতা আয়োজন কৰা হয় ৷ এই সভাৰ আয়োজন কৰাত গুৰু দায়িত্ব পালন কৰে অঞ্চলটোৰ সমাজ সেৱক আজাহাৰ উদ্দিন আহমেদে ৷ সভাত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে উত্তৰ পূৱ ভাৰতৰ বিশিষ্ট ইছলামিক পণ্ডিত মুফটি আব্দুল কৰিম কাছিমি ৷
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ