মৈৰাবাৰী, 4 অক্টোবৰ :মৰিগাঁও জিলাৰ মৈৰাবাৰীত গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আৰু ভাৰত স্কাউট এণ্ড গাইডৰ লগতে বিভিন্ন দল সংগঠনৰ সহযোগত অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয় । জিলাখনৰ মৈৰাবাৰীৰ হাতীমূৰীয়া এ.পি.জে আব্দুল কালাম বিদ্যাপীঠত অনুষ্ঠিত হয় সজাগতা সভাখন ।
অভিযোগ অনুসৰি, মৈৰাবাৰীত বহুত যুৱক জুৱা, মদ, ভাং, শিশু-শ্ৰমিক, বাল্য-বিবাহ, আদিৰ প্ৰতি আসক্তি হোৱা দেখা পোৱা গৈছে । অসামাজিক কাৰ্যকলাপৰ পৰা নৱ প্ৰজন্মক আঁতৰাই আনিবলৈ মৈৰাবাৰীত বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত এনে সজাগতা সভা অনুষ্ঠিত কৰিছিল যদিও বহুতো লোক এই অপকৰ্মৰ পৰা আঁতৰি অহা নাছিল ।