অসম

assam

By

Published : Jul 1, 2023, 8:22 PM IST

Updated : Jul 1, 2023, 8:59 PM IST

ETV Bharat / state

Award to Manoj Kumar Goswami: সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সমাজ হিতৈষী বঁটা

আমাৰ সমাজ হিতাধিকাৰীৰ সমাজ । মানুহক পথাৰলৈ নিয়াৰ বাবে চেষ্টা কৰক । হিতাধিকাৰী সমাজ এখনত এজনে আনজনক সহায় আগবঢ়াব নোৱাৰে । শনিবাৰে মৰিগাঁৱৰ সহায় নামৰ বেচৰকাৰী সংস্থাৰ বঁটা গ্ৰহণ কৰি এই মন্তব্য বিশিষ্ট সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ ।

Award to journalist Manoj Kumar Goswami in Morigaon
সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সমাজ হিতৈষী বঁটা

সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সমাজ হিতৈষী বঁটা

মৰিগাঁও, ১ জুলাই: মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংস্থা সহায় অসমৰ উদ্যোগত বৈষ্ণৱ পণ্ডিত দয়াল কৃষ্ণ বৰা স্মাৰক ব্ৰহ্মপুত্ৰ উপত্যকা সমাজ হিতৈষী বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক-সাংবাদিক মনোজ গোস্বামীলৈ। বঁটা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-সাংবাদিকগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য প্ৰকাশ কৰে । তেওঁ আজিৰ সমাজখন কোন দিশে গতি কৰিছে বুলি উল্লেখ কৰি কয় যে, পথৰ কাষত আধাঘণ্টা ধৰি দুৰ্ঘটনাগ্ৰস্ত মানুহ পৰি থাকে, কাষেৰে ৰং ৰহ‌ইছ কৰি মানুহ পাৰ হৈ যায় ।

সঠিক সময়ত সঠিক চিকিৎসাৰ অভাৱত লোকজনৰ মৃত্যু হয় । আমাৰ সমাজৰ অৱস্থাও আজি এই দুৰ্ঘটনাগ্ৰস্ত লোকজনৰ দৰে বুলি উল্লেখ কৰে বিশিষ্ট গল্পকাৰগৰাকীয়ে । সঠিক সময়ত ব্যৱস্থা নল'লে সমাজখনৰো সোনকালেই মৃত্যু হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে মানুহ আজি ইজনৰ পৰা সিজন আঁতৰি গৈছে । একেটা ঘৰৰে বেলেগ বেলেগ কোঠাৰ পৰা মাতৃ পিতৃ-পুত্ৰ‌ই ৱাটছ‌আপত কথা পাতে । লগতে তেওঁ উল্লেখ কৰে যে, আমাক হিতাধিকাৰীও লাগে খেতি-বাতিও লাগে ।

উল্লেখ্য যে, ৰাজ্যৰ আগশাৰী স্বেচ্ছাসেৱী সংস্থা সহায়ে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত বিশিষ্ট সাহিত্যিক তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে শেহতীয়াকৈ ভাৰত চৰকাৰৰ দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা লোকক চিনাক্তকৰণৰ যি মাপকাঠি তাৰ নিৰ্মোহ বিশ্লেষণ আগবঢ়াই কয় যে, ভাৰতত এক হাজাৰত কৈ যাৰ উপাৰ্জন কম তেওঁকেই দৰিদ্ৰৰূপে নিৰ্ধাৰণ কৰা হয় । এনে লোকৰ সংখ্যা নব্বৈ কোটি । এইয়া এক অদ্ভূত ধাৰণা বুলি উল্লেখ কৰে গোস্বামীয়ে ।

লগতে বঁটা প্ৰাপক গোস্বামীয়ে কয় যে এখন সমাজত যেতিয়ালৈকে শৈক্ষিক আৰু অৰ্থনৈতিক সমস্যা থাকিব তেতিয়ালৈকে সেইখন সমাজে কেনেকৈ নতুন সপোন দেখিব ?

অৱশ্যে সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে এয়াও উল্লেখ কৰে যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ৰাজ্যখনৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত আন ৰাজ্যবোৰত কৈ বহু আগবঢ়া আৰু উন্নত । ভাষা ব্যৱহাৰকাৰীৰ বেলিকা বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰভাষা ব্যৱহাৰকাৰী সমীক্ষা দাঙি ধৰি অসমীয়া সমাজখনে হীনমন্যতাত ভোগা উচিত নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই গোস্ৱামীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:Bihu in Guinness world record:শিৱসাগৰত মন্ত্ৰী ৰণোজ পেগুৱে বিলালে নাচনীৰ মাননি

Last Updated : Jul 1, 2023, 8:59 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details