নিউজ ডেস্ক, ৪ জুন :বহু বিতৰ্ক, আন্দোলনৰ অন্তত আৰম্ভ হ'ল কাগজ কলৰ নিলাম প্ৰক্ৰিয়া । চৰকাৰী প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰি অৱশেষত হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ অধীনস্থ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল বিক্ৰীৰ বাবে কেইবাখনো ৰাষ্ট্ৰীয় কাকতত মঙলবাৰে প্ৰকাশ পালে বিজ্ঞাপন ৷ উল্লেখ্য যে, ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান হিচাপে এই কাগজ কল দুটা পুনৰুদ্ধাৰৰ বাবে কৰ্মচাৰী সংগঠনসমূহৰ উপৰিও ৰাজ্যৰ গণতান্ত্ৰিক দল-সংগঠনসমূহে দাবী উত্থাপন কৰিছিল আৰু তাক লৈ বহু আন্দোলনো গঢ়ি উঠিছিল । কিন্তু তাৰ পিছতো নিলাম হ'বলৈ গৈ আছে কাগজ কল দুটা । হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ দ্বাৰা প্ৰকাশিত এই বিজ্ঞাপনত ‘ৰিজাৰ্ভ প্ৰাইজ’ নিৰ্ধাৰণ কৰা হৈছে ১,১৩৯ কোটি টকা । প্ৰকাশিত বিজ্ঞাপন অনুসৰি ৩০ জুনত অনুষ্ঠিত হ'ব নিলাম । পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ হ'ব ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ ।
২০১৯ চনৰ মে' মাহত ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ অধীনত এই দুটা নিষ্ক্ৰিয় কাগজ কল তৰলীকৰণৰ নিৰ্দেশ দিছিল । পৰৱৰ্তী সময়ত অসম চৰকাৰে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ পৰা পুনৰুদ্ধাৰ পৰিকল্পনা দাখিল কৰিবলৈ সময় বিচাৰিছিল । কিন্তু পুনৰুদ্ধাৰ পৰিকল্পনা দাখিল কৰাত ব্যৰ্থ হয় অসম চৰকাৰ । আনহাতে বিনিয়োগকাৰীসকলৰ পৰা কোনো সঁহাৰি নোপোৱাত দুয়োটা মিলৰ ব্যক্তিগতকৰণৰ বাবে কৰা চৰকাৰৰ পৰিকল্পনাও বিফল হয় ।
উল্লেখ্য যে পূৰ্বে দুয়োটা কাগজ কলত ২ লাখ টন নিউজপ্ৰিণ্টৰ উৎপাদন হৈছিল কিন্তু দুৰ্বল ব্যৱস্থাপনা আৰু মূলধন হেৰুওৱাৰ বাবে ই বন্ধ হৈ গৈছিল । ইফালে পাঁচগ্ৰামৰ কাছাৰ কাগজ কলৰ উৎপাদন ২০১৫ চনত বন্ধ হোৱাৰ বিপৰীতে জাগীৰোডৰ নগাঁও কাগজ কলত ২০১৭ চনলৈকে উৎপাদন অব্যাহত আছিল । ২০১৭ চনৰ পৰাই দৰমহাৰ পৰা বঞ্চিত হৈ আছে দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকল ।
বিভিন্ন দল-সংগঠনে ইয়াকলৈ প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে বিৰোধী কংগ্ৰেছ দলেও বিজেপি চৰকাৰক এই কাগজ কল দুটা বিক্ৰী নকৰিবলৈ আহ্বান জনাই আহিছে । কাগজ কল বিক্ৰী সন্দৰ্ভত প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেৱেও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ লিখিছে এক বিশেষ পত্ৰ । সাংসদগৰাকীয়ে পত্ৰখনত উল্লেখ কৰা মতে কাগজ কল দুটাই অতীতত যথেষ্ট লাভাংশ দিবলৈ সক্ষম হৈছে । সুব্যৱস্থাপনাৰ জৰিয়তে কাগজ কল দুটা বিকশিত হ'ব আৰু অসমৰ নিবনুৱাসকলে ইয়াত নিযুক্তি লাভ কৰিব বুলিও আশাবাদী প্ৰাক্তন সাংসদগৰাকী ।