ধিং, 16 জুলাই :ৰাজ্যত পুনৰ সংঘটিত হৈছে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা ৷ শেহতীয়াকৈ, লাহৰীঘাটত কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীৰ ওপৰত একাংশ ৰাইজে আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা । কৰ’ণাৰ বাবে ৰাজ্যৰ সাতখন জিলাৰ লগতে মৰিগাঁও জিলাখনো সম্পূৰ্ণ কণ্টেইনমেন্ট জ’ন(containment zone) হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । কিন্তু, এনে সময়তে ক’ভিড নীতি উলংঘা কৰা একাংশই খোদ কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷
চৰকাৰে কন্টেইনমেন্ট জ’নৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশই লাহৰীঘাটৰ কাঠনী গৰম বজাৰ ঘাট পাৰত সুকলমে বজাৰ বহুৱাই আহিছিল ৷ উক্ত বজাৰত বিভিন্ন চৰ-চাপৰিৰ পৰা লোকে সমাগম কৰাৰ খবৰ লাহৰীঘাট আৰক্ষীয়ে লাভ কৰি বজাৰ বন্ধ কৰিবলৈ যায় আৰক্ষী ৷ কৰ্তব্য় কৰিব যোৱা লাহৰীঘাট আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায় একাংশ লোকে ।