অসম

assam

ETV Bharat / state

পুনৰ স্বাস্থ্য কৰ্মীক আক্ৰমণ

লাহৰীঘাটৰ ভেকচিন কেন্দ্ৰত উত্তেজনা । বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত স্বাস্থ্য কৰ্মীক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তেজনা । এগৰাকী আশাকৰ্মীয়ে পুতেক মুকছিদুল আহমেদ নামৰ যুৱক জনৰ নেতৃত্বত 6-7 জনীয়া দল এটাই কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰি আহত কৰে এচ ডব্লিউ ছাইফুল ইছলামক ।

attack-on-health-workers-at-morigaon
পুনৰ স্বাস্থ্য কৰ্মীক আক্ৰমণ

By

Published : Jul 2, 2021, 1:35 PM IST

মৰিগাঁও,2 জুলাই: চিকিৎসক ভগৱানৰ দ্বিতীয় ৰূপ ৷ ভগৱানৰ পিচতেই সাধাৰণ লোকৰ বিশ্বাসৰ থল হিচাপে ধৰা হয় চিকিৎসকক ৷ পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্মদিনটোত সমগ্ৰ দেশতে চিকিৎসক দিৱস উদযাপন কৰা হয় ৷ বৃহস্পতিবাৰে চিকিৎসক দিৱসৰ দিনটোতেই স্বাস্থ্য কৰ্মীক প্ৰহাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত স্বাস্থ্য কৰ্মীক প্ৰহাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনা । এগৰাকী আশাকৰ্মীয়ে পুতেক মুকছিদুল আহমেদ নামৰ যুৱক জনৰ নেতৃত্বত 6-7 জনীয়া দল এটাই কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰি আহত কৰে এচ ডব্লিউ ছাইফুল ইছলামক । আশাকৰ্মী মুকছিনা আহমেদে প্ৰভাৱ খটুৱাই নিজ পুত্ৰক শাৰীপাতি থকা লোকতকৈ আগত ভেকচিন দিয়াবলৈ যোৱাক লৈ ঘটনাটো সংঘটিত হয় । ইতিমধ্যে আৰক্ষীয়ে ছাজিদ খান নামৰ এজন যুৱকক আটক কৰিছে । আটক হোৱা যুৱকজন নগাব্ন্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য।মুকছিদুল আহমেদ লাহৰীঘাট মহাবিদ্যালয়ৰ এজন প্ৰবক্তা।

পুনৰ স্বাস্থ্য কৰ্মীক আক্ৰমণ

উল্লেখ্য যে,বিগত সপ্তাহত সমগ্ৰ ৰাজ্য কঁপাই গৈছিল হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ চিকিৎসক আক্ৰমণৰ ঘটনাই । লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক, চিকিৎসা কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছিল অঞ্চলটোৰ একাংশ লোক । এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল চিকিৎসক সেউজ সেনাপতিৰ লগতে কেইবাগৰাকীও চিকিৎসা কৰ্মী। সামাজিক মাধ্যমত চিকিৎসক আক্ৰমণৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে আৰক্ষীয়ে আটক কৰিছিল এই কাণ্ডৰ লগত জড়িত 9 গৰাকীকৈ অভিযুক্তক ৷

হোজাইৰ চিকিৎসক নিগ্ৰহ কাণ্ডৰ গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷ প্ৰশাসনক ঘটনাটোৰ তদন্ত কৰি উক্ত ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় হোজাই জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত ।

এই ঘটনাত গুৰুতৰ ভাৱে আঘাত পাইছিল এগৰাকী নাৰ্চে ৷ এই নিৰ্মম ঘটনাৰ মাৰ নৌযাওতেই পুনৰ অনুৰূপ ঘটনা পোহৰলৈ আহিছে লাহৰীঘাটৰ ভেকচিন কেন্দ্ৰত ৷ এতিয়া প্ৰশ্ন হয় প্ৰকৃততে কেনেদৰে সমাধান হ’ব এই সমস্যৰ ৷

লগতে পঢ়ক:হোজাইৰ কাণ্ডক লৈ আমছুৰ প্ৰতিক্ৰিয়া প্ৰকাশ

ABOUT THE AUTHOR

...view details