অসম

assam

ETV Bharat / state

ATSU foundation day : উখল মাখল ঐতিহাসিক নেলী নৰচিং দেওৰজা সমন্বয় ক্ষেত্ৰ - ATSU Cultural procession in Morigaon

মৰিগাঁৱৰ ঐতিহাসিক নেলী নৰচিং দেওৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন আৰু ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস (11th Biennial General Meeting of ATSU)। ৫ দিনীয়াকৈ আয়োজিত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱাই উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা । উপায়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰে এই শোভাযাত্ৰা ।

ATSU foundation day
উখল মাখল ঐতিহাসিক নেলী নৰচিং দেওৰজা সমন্বয় ক্ষেত্ৰ

By

Published : Feb 24, 2023, 4:04 PM IST

উখল মাখল ঐতিহাসিক নেলী নৰচিং দেওৰজা সমন্বয় ক্ষেত্ৰ

মৰিগাঁও,২৪ ফেব্ৰুৱাৰী :সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ ঐতিহাসিক নেলী নৰচিং দেওৰজা সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিৱেশ । শুকুৰবাৰে পুৱাই উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা । মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰে এই সাংস্কৃতিক শোভাযাত্ৰা ।

বৃহস্পতিবাৰৰ পৰা ঐতিহাসিক নেলী নৰচিং দেওৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন আৰু ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস (ATSU foundation day celebration in Morigaon)। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱাই উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰা । অঞ্চলটোৰ তিৱা, কাৰ্বি, চাহ জনগোষ্ঠী, নেপালী, বড়ো, অসমীয়া বিহুদল, শংকৰী কলা-কৃষ্টি প্ৰদৰ্শনেৰে সকলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় এই শোভাযাত্ৰাই ।

শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত গোভা ৰাজ্যৰ ৰজা দীপচিং দেওৰজা, জোনবিল মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈৰ লগতে কেইবাগৰাকীও প্ৰতীকী ৰজাই অংশগ্ৰহণ কৰে । পাঁচ দিনীয়াকৈ আয়োজিত তিৱা ছাত্ৰ সন্থাৰ অধিৱেশনৰ অংশ হিচাপে শুকুৰবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক, উপদেষ্টা, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া, প্ৰতিনিধি তথা আদৰণি সমিতিৰ বিষয়ববীয়াই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে (All Tiwa Students Union)।

সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি উপায়ুক্ত দেৱাশীষ শৰ্মাই সদৌ তিৱা ছাত্র সন্থাৰ বিভিন্ন কৰ্মৰাজিক প্ৰশংসা কৰে (ATSU Cultural procession in Morigaon) । ইফালে প্ৰথম দিনাৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি অনিল চন্দ্ৰ পাটৰে । পতাকা উত্তোলনত সহযোগিতা কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল পাটৰ আৰু আদৰণি সমিতিৰ সম্পাদক অনুপ দাৰফাঙে ।

আদৰণি সমিতিৰ সভাপতি অনিল চন্দ্ৰ পাটৰে প্ৰথমদিনা পতাকা উত্তোলন কৰি দিয়া ভাষণত ঐতিহাসিক নেলী নৰচিং দেওৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ তিৱা ছাত্র সন্থাৰ সাধাৰণ অধিৱেশনলৈ অহা সকলো প্ৰতিনিধিক আদৰণি জনোৱাৰ লগতে আগন্তুক নৱ নিৰ্বাচিত সমিতিখনে বলিষ্ঠ ভূমিকা পালন কৰি তিৱা জনগোষ্ঠীটোৰ সমস্যাক সমাধানৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে ।

একেদৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল পাটৰে অধিৱেশনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায়-সহযোগিতা আশা কৰে । কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা চেনীৰাম মালাঙে কয় যে, ৰাজ্যখনৰ অন্যতম জনজাতীয় ছাত্ৰ সংগঠন হিচাপে সদৌ তিৱা ছাত্ৰ সন্থাৰ এই নেলী সাধাৰণ অধিৱেশনত সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে তিৱা জনগোষ্ঠীটোক অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক দিশত নেতৃত্ব প্ৰদান কৰিব পৰা এখন সুস্থ, সৱল আৰু বলিষ্ঠ কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব ।

লগতে পঢ়ক :Nagaon medical college get recognised: ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি লাভ কৰিলে নগাঁও মেডিকেল কলেজে

ABOUT THE AUTHOR

...view details