মায়ঙত এটিএম কাৰ্ড চুৰি কৰি ধন হৰলুকি, 2 প্ৰৱঞ্চক গ্ৰেপ্তাৰ
এটিএম কাৰ্ড চুৰি কৰি ধন হৰলুকি কৰা দুটা প্ৰৱঞ্চকক মঙলবাৰে মায়ং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ এটিএমৰ চিচিটিভিৰ জৰিয়তে ধৰা পৰে দুই প্ৰৱঞ্চক । ইতিমধ্যে এই সন্দৰ্ভত মায়ং আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
মৰিগাঁও,28মে': আনৰ এটিএম কাৰ্ড চুৰি কৰি ধন হৰলুকি কৰা দুটা প্ৰৱঞ্চকক মঙলবাৰে বিয়লি গ্ৰেপ্তাৰ কৰিছে মায়ং আৰক্ষীয়ে । ধৃত দুই প্ৰৱঞ্চকৰ এজন হৈছে মায়ঙৰ ২ নং মুৰকটা গাঁৱৰ শিৱলাল মণ্ডল ( ২১ ) আৰু আনজন হৈছে কামৰূপ মহানগৰ জিলাৰ গোভালীৰ ৰাজিৱ দাস ( ২২ ) । উল্লেখ্য যে প্ৰৱঞ্চক দুটাই পৱিত্ৰ মণ্ডল নামৰ লোকজনৰ এটিএম কাৰ্ডখন চুৰি কৰি মায়ং আৰু গুৱাহাটী গীতানগৰ এচবিআই এটিএমৰ পৰা মুঠ ২৭,৫০০ টকা সৰকাইছিল । পাছত এটিএম কাৰ্ডৰ গৰাকী পৱিত্ৰ মণ্ডলে ম'বাইলৰ মেছেজৰ জৰিয়তে বিষয়টো গম পোৱাত ৰজা মায়ং এচবিআই শাখাত অভিযোগ দিয়ে আৰু এটিএমৰ চিচিটিভি পৰীক্ষা কৰাত উক্ত প্ৰৱঞ্চক দুটা ধৰা পৰে । ইতিমধ্যে এই সন্দৰ্ভত মায়ং আৰক্ষীয়ে আই পি চি ৩৮০ ৰ অধিনত ১১৯/১৯ নং এটা গোচৰ ৰুজু কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।