অসম

assam

By

Published : Oct 20, 2020, 12:47 PM IST

ETV Bharat / state

কৃত্ৰিম বানৰ কবলত পৰিবহণ নিগমৰ কাৰ্যালয়

অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনষ্ঠ এটা কাৰ্যালয় ৷ মৰিগাঁৱস্থিত এই কাৰ্যালয়টো এতিয়া কৃত্ৰিম বানৰ কবলত ৷

ASTC Bus office of morigaon is effected by flood assam etv bharat news
কৃত্ৰিম বান

মৰিগাঁও,20 অক্টোবৰ:মৰিগাঁও জিলাৰ এটা চৰকাৰী কাৰ্যালয় ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই কাৰ্যালয়টোত বেছিভাগ সময়তে দেখা যায় কদৰ্যময় পৰিৱেশ ৷ কিয়নো এজাক বৰষুণ দিলেই ওলাই পৰে কাৰ্যালয়টোৰ প্ৰকৃত ছবিখন ৷ কৃত্ৰিম বানৰ কবলত পৰা কাৰ্যালয়টোৰ এই সমস্যা দুৰীকৰণৰ প্ৰতি চৰকাৰৰ নাই কোনো কাণসাৰ ৷

কৃত্ৰিম বানৰ কবলত পৰিবহণ নিগমৰ কাৰ্যালয়

2001-2002 বিত্তীয় বৰ্ষত জিলা উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা এই কাৰ্যালয়টো জিলাখনৰ পৰিবহণ নিগমৰ অধীনষ্ঠ একমাত্ৰ কাৰ্যালয় ৷ সম্প্ৰতি কাৰ্যালয় বুলিবলৈ সীমিত সংখ্যক কৰ্মচাৰীৰে এটা ঘৰ আছে চৌহদটোত ৷ এজাক বৰযুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে কাৰ্যালয়টোৰ কৰ্মচাৰীসকল ৷ সেয়ে স্থানীয় ৰাইজে এতিয়া কাৰ্যালয়টো মেৰামতি কৰি যাত্ৰীৰ বাবে সূচল কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷ কিয়নো এই কাৰ্যালয়তে উপলব্ধ হয় দুৰণিবটীয়া বাছৰ টিকট ৷

লগতে চাওকঃবৰপেটাত বৈদ্যুতিক যন্ত্ৰৰ সহায়ত মাটিৰ পাত্ৰ নিৰ্মাণ

ABOUT THE AUTHOR

...view details