অসম

assam

ETV Bharat / state

Short film hooh hah: আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হুহ হাহ চুটি ছবিখনে লাভ কৰিলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা - শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ‘হুহ হাহ’ চুটি ছবিখনে অৰ্জন কৰিছে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটাৰ সন্মান । হাতী মানুহৰ সংঘাতৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷

Assamese Short film hooh hah won Best Assamese Film Award at International Film Festival
হুহ হাহ’ চুটি ছবিখনে অৰ্জন কৰিছে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটাৰ সন্মান

By

Published : Aug 8, 2023, 3:59 PM IST

হুহ হাহ’ চুটি ছবিখনে অৰ্জন কৰিছে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটাৰ সন্মান

মৰিগাঁও, 8 আগষ্ট: 'হুহ হাহ' নামৰ এখন চুটিয়ে লাভ কৰিলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটাৰ সন্মান ৷ অসমৰ এক জলন্ত সমস্যা হাতী মানুহৰ সংঘাতৰ ওপৰত নিৰ্মাণ কৰা হৈছে 'হুহ হাহ' ছবিখন ৷ এই ছবিখন দৰ্শকে 'LUIT APP' ত উপভোগ কৰিব পাৰিব ৷

উল্লেখ্য যে, ৰাজ্যৰ মৰিগাঁও জিলাৰ কেইগৰাকী মান নাট্যানুৰাগীৰ ঐকান্তিক প্ৰচেষ্টাই কঢ়িয়াই আনিলে এই সন্মান ৷ ৰাজ্যৰ এক জলন্ত সমস্যাৰ ওপৰত নিৰ্মিত ‘হুহ হাহ’ নামৰ চুটি ছবিখনে অৰ্জন কৰিছে শ্ৰেষ্ঠত্ব বঁটা ৷ ব্যৱসায় নগৰী কলিকতাৰ শৰৎ সদনত সদ্য সমাপ্ত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজ্যখনত অব্যাহত থকা হাতী-মানুহৰ সংঘাত প্ৰতিফলিত অসমৰ ‘হুহ হাহ’ নামৰ ছবিখনে লাভ কৰিলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা ৷

চুটি ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে পৰিচালক, অভিনেতা তথা সাংবাদিক তুলসী মান্তাই ৷ তুলসী মান্তাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে পৃথিৱী ক্ৰিয়েচনে ৷ এক জীয়া কাহিনীৰ ওপৰত জাগীৰোডৰ কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত নিৰ্মিত ছবিখন সম্প্ৰতি জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীনৰ লুইত এপত ( LUIT) মুক্তি লাভ কৰিছে ৷

বিশ্বজিত কোঁৱৰে দৃশ্যগ্ৰহণ কৰা ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিলৰাজ ডেকাই ৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক হৈছে অজিত কুমাৰ বৰদলৈ ৷ ছবিখনত অভিয়ন কৰিছে ৰিজু দত্ত, উষাৰাণী, অজিত কুমাৰ বৰদলৈ, জ্যোতিৰ্ময় গোস্বামী, ৰাম বড়ো, ৰাজীৱ দলৈ, মনি নেওগ, আলী আহমেদ, ভাস্কৰ ডেকা আৰু তুলসী মান্তাই ৷ আনহাতে শিশু শিল্পী হিচাপে ছবিখনত সাৱলীল অভিনয় কৰিছে ভুৱঞ্চি মান্তা আৰু দিব্যা এ বি মান্তায়ে ।

উল্লেখ্য যে, মুম্বাই এন্টাৰটেইনমেন্ট ইন্টাৰনেশ্বনেল ফ্লিম ফেষ্টিভেলটো ছবিখনে শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে 'হুহ হাহ' টিমে 'ৰুদ্ৰাৱতাৰ' নামৰ আন এখন চলচ্চিত্ৰৰ কাম শীঘ্ৰেই আৰম্ভ কৰিব বুলি পৰিচালক তুলসী মান্তাই জানিবলৈ দিয়ে।

লগতে পঢ়ক:Aimee Baruah: পবিত্ৰ ব’লব’মৰ যাত্ৰীক খাদ্য বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকা আৰু আইমী বৰুৱাৰ

ABOUT THE AUTHOR

...view details