অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমৰ এগৰাকী আৰক্ষী বিষয়াৰ কবিতা

‘একুৰি জীৱন একুৰি কফিন’ শীৰ্ষক কবিতা হিন্দীলৈ অনুবাদ কৰিছে বলিউডত কৰ্মৰত অসম জীয়ৰী উৰ্মিলা মহন্তই । তদুপৰি সমুজ্জল কাশ্যপে পৰিচালনা কৰা এই কবিতাটি সংগীতৰে সজাইছে অনুৰাগ শইকীয়াই ।

By

Published : Aug 18, 2020, 3:09 PM IST

assamese-poem-in-national-plateform
ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমৰ এগৰাকী আৰক্ষী বিষয়াৰ কবিতা

মৰিগাঁও, 18 আগষ্ট : এটা দেশপ্ৰেম মূলক কবিতা । শিৰোনাম 'একুৰি জীৱন একুৰি কফিন', কবি এগৰাকী আৰক্ষী বিষয়া, নাম পাৰ্থ সাৰথি মহন্ত ।

হৃদয়স্পৰ্শী কবিতাটোত বৰ্ণিত হৈছে সীমান্তৰ অতন্দ্ৰ প্ৰহৰীৰ জীৱন গাঁথা, জন্মভূমিৰ প্ৰেমৰ এক অপূৰ্ব নিৰ্দশন। কবিৰ কাব্যিক কল্পচিত্ৰৰে ব্যঞ্জিত কৰা এক ৰৌঢ় বাস্তৱ । এই কবিতা সমাদৃত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত ।

স্বাধীনতাৰ দিৱসৰ প্ৰাকক্ষণত সীমান্তত জননী জন্মভূমিৰ হকে জীৱন বলিদান দিয়া বীৰ জোৱান সকলৰ প্ৰতি কবিৰ একাঁজলি শ্ৰদ্ধাঞ্জলি । দৰাচলতে কবিতাটোৰ কবি কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত। আৰক্ষী অধীক্ষক তথা কবি পাৰ্থ সাৰথি মহন্তই দেশবাসীলৈ স্বাধীনতা দিৱসৰ ওলগ জনাইছে কবিতাটোৰ জৰিয়তে ।

‘একুৰি জীৱন একুৰি কফিন’ শীৰ্ষক কবিতাটো হিন্দীলৈ অনুবাদ কৰিছে বলিউডত কৰ্মৰত অসম জীয়ৰী উৰ্মিলা মহন্তই । তদুপৰি সমুজ্জল কাশ্যপে পৰিচালনা কৰা এই কবিতাটি সংগীতৰে সজাইছে অনুৰাগ শইকীয়াই ।

ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমৰ এগৰাকী আৰক্ষী বিষয়াৰ কবিতা

লগতে পঢ়ক :মৰিগাঁৱৰ এজন প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী পদক্ষেপ

ABOUT THE AUTHOR

...view details