অসম

assam

ETV Bharat / state

Assamese daughter’s achievement : কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে জলপানি লাভ অসম কন্যাৰ - Assamese daughter get Berkeley fellowship 2023

কেৰ্লিফনীয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ সুযোগ লাভ অসম কন্যাৰ (University of California) ৷ বাৰ্কেল গ্ৰেজুৱেট ২০২৩ জলপানী লাভ কৰিলে মৰিগাঁওৰ চাৰা ছোহেইলে ৷

Assamese daughter get Berkeley fellowship 2023
কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ সুযোগ অসম কন্যাৰ

By

Published : Feb 21, 2023, 2:16 PM IST

মৰিগাঁও , 21 ফেব্ৰুৱাৰী :বিদেশত অধ্যয়নৰ বাবে সুযোগ লাভ কৰিছে এগৰাকী অসম কন্যাই ৷ বিশ্বৰ অন্যতম এখন আগশাৰীৰ শিক্ষা পীঠআমেৰিকা যুক্তৰাষ্ট্ৰস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে সুযোগ লাভ কৰিছে অসমৰ মৰিগাঁও জিলাৰ এগৰাকী ছাত্ৰীয়ে (University of California) ৷মৰিগাঁও জিলাৰ জাগীৰোডৰ জীয়ৰী চাৰা ছোহেইল লাভ কৰিছে বাৰ্কেলে গ্ৰেজুৱেট ফেলোশ্বিপ ২০২৩ (Berkeley fellowship 2023) ।

কলা শাখাৰ ছাত্ৰীয়ে মৰিগাঁও জিলাৰ লগতে ৰাজ্য লৈ কঢ়িয়াই আনিছে গৌৰৱ তথা আশাৰ বতৰা । মিৰাণ্ডা হাউছ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত সুখ্যাতিৰে স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পিছত অসমৰ মেধাৱী ছাত্ৰ চাৰা ছোহেইলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত পিএইচডি সম্পন্ন কৰিবৰ বাবে সন্মানীয় বাৰ্কলে গ্ৰেজুৱেট ফেল’শ্বিপ ২০২৩ লাভ কৰিছে । এই খবৰ বিয়পি পৰাৰ পিছতে মৰিগাঁও জিলাৰ জাগীৰোডত দেখিবলৈ পোৱা গৈছে উছাহৰ ঢল (Assamese daughter get Research opportunities in abroad)।

বিভিন্ন দল সংগঠনে চাৰা ছোহেইললৈ শুভেচ্ছা জনোৱা দেখিবলৈ পোৱা গৈছে । সোমবাৰে ইটিভি ভাৰতক জানিবলৈ দিয়া মতে মেধাৱী, গৱেষক ছাত্ৰী গৰাকীয়ে পঢ়া-শুনাৰ সমান্তৰালভাৱে চাৰাৰ আছে সাহিত্য চৰ্চাৰ প্ৰতিও ৰাপ ৷ চাৰা ছোহেইলে নৱম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়তে 'The Book of Secrets' নামেৰে এখন পূৰ্ণাংগ উপন্যাস লিখি নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল বুলি পিতৃয়ে গৌৰৱেৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

আনফালে কন্যাৰ কৃতিত্বত গৌৰৱবোধ কৰি জাগীৰোড মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ চোহেইল আহমেদে কয় যে পিতৃ- মাতৃৰ অলপ সহযোগিতাই নিজৰ সন্তানৰ সপোন পূৰ্ণ কৰাত যথেষ্ট প্ৰেৰণা আৰু সাহস যোগায় । প্ৰতিজন অভিভাৱককে সন্তানৰ শৈক্ষিক জীৱন গঢ় দিয়াৰ প্ৰয়াস কৰিলে এখন অতি ভিতৰুৱা গাঁৱৰ পৰা গৈও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ সন্তানে নাম উজলাই তুলিবলৈ সক্ষম হ’ব বুলি মন্তব্য প্ৰকাশ কৰে চাৰাৰ পিতৃয়ে ।

উল্লেখ্য যে জাগীৰোডৰ জীয়ৰী চাৰা ছোহেইল জাগীৰোড মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকদ্বয় ক্ৰমে মালাৱিকা দিহিঙিয়া বৰুৱা আৰু ড° ছোহেইল আহমেদৰ কন্যা । চাৰা চোহেইলে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল জাগীৰোডৰ ইণ্ডাজ একাডেমিত ৷ ইয়াৰ পাছত গুৱাহাটীৰ নাৰেংগীস্থিত আৰ্মী পাব্লিক স্কুলত শিক্ষাগ্ৰহণ কৰে চাৰাই ৷পৰৱৰ্তী সময়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে দিল্লীলৈ উৰা মাৰে চাৰা ছোহেইলে ।

লগতে পঢ়ক :Protest for inclusion of non bodo villages : ২৫ খনকৈ অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details