অসম

assam

ETV Bharat / state

পৰ্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য

অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জনোৱা মতে বাৰিষাৰ আগমনৰ লগে লগে অভয়াৰণ্যখনৰ ভিতৰৰ বাট-পথবোৰ বোকাময় হোৱাৰ কাৰণেই বন্ধ কৰি দিয়া হৈছে জীপ ছাফাৰী আৰু হাতী ছাফাৰী ।

পৰ্য্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য

By

Published : May 16, 2019, 9:49 AM IST

মৰিগাঁও, 16 মে’: এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য 16 মে’ৰ পৰা 30 ছেপ্টেম্বৰলৈকে দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে । চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈকে অভয়াৰণ্যখনত বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী । অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জনোৱা মতে বাৰিষাৰ আগমণৰ লগে লগে অভয়াৰণ্যখনৰ ভিতৰৰ বাট-পথবোৰ বোকাময় হোৱাৰ কাৰণেই বন্ধ কৰি দিয়া হৈছে জীপ ছাফাৰী আৰু হাতী ছাফাৰী । 16 বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি থকা পবিতৰা অভয়াৰণ্যখনত প্ৰায় ১০২ টা গঁড়, দুই শতাধিক বনৰীয়া ম’হ , সহস্ৰাধিক বনগাহৰি আৰু কেইবাটাও প্ৰজাতিৰ জীৱ-জন্তু আছে । আনহাতে আগন্তুক বাৰিষাত অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে বন্যজন্তুসমূহক ৰক্ষণাবেক্ষণ দিবলৈ পবিতৰাৰ বনবিভাগ ইতিমধ্যে সাজু হৈ উঠিছে বুলি মন্তব্য বন-বিষয়াৰ ।

পৰ্য্যটকৰ বাবে বন্ধ পবিতৰা অভয়াৰণ্য

উল্লেখ্য যে,পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত পবিতৰাত বিগত 2017-18 বৰ্ষত দেশী পৰ্যটক 24,463 জন আৰু বিদেশী পৰ্যটক 578 জনৰ পৰা প্ৰায় 45,43,750 টকা আদায় কৰাৰ বিপৰীতে 2018-19 বৰ্ষত দেশী পৰ্যটক প্ৰায় 34,606 জন আৰু বিদেশী পৰ্যটক 605 জনৰ পৰা প্ৰায় 61,92,1250 টকা আদায় কৰি বিগত বৰ্ষৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ।

লগতে আন এটি বাতৰি - মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰ্যালোচনা কৃষি বিভাগৰ কাম-কাজ

ABOUT THE AUTHOR

...view details