অসম

assam

ETV Bharat / state

মৰিগাঁৱত কোটি টকীয়া পথ নিৰ্মাণৰ নামত প্ৰহসন - poor road condition

মৰিগাঁৱত ৩৫ কোটি টকাৰ লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ শিৱম নামৰ এটি পথ নিৰ্মাণ প্ৰতিষ্ঠানৰ ওপৰত ৷ মৰিগাঁৱৰ কোটিটকীয়া পথ নিৰ্মাণৰ নামত প্ৰহসন। কাম শেষ নহওতেই ধংসস্তুপত পৰিণত মৰিগাঁও-নগাঁও সংযোগী ৰাজ্যিক গড়কাপ্তানি পথ

মৰিগাঁৱত কোটিটকীয়া পথ নিৰ্মাণৰ নামত প্ৰহসন

By

Published : Apr 4, 2019, 5:24 PM IST

মৰিগাঁও, 4 এপ্ৰিলঃ ভূমিকম্পৰ ফলত মেলা বৃহৎ ফাট নহয় ৷ এয়া মৰিগাঁৱত পথ নিৰ্মাণত হোৱা বৃহৎ দুৰ্নীতিৰ এক নিদৰ্শনহে ৷ মৰিগাঁৱত পৰিৱৰ্তনকামী চৰকাৰৰ অপৰিৱৰ্তনশীল পথৰ নমুনা ৷ ঘটনা সন্দৰ্ভত মৰিগাঁৱত ৩৫ কোটি টকাৰ লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ শিৱম নামৰ এটি পথ নিৰ্মাণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷

মৰিগাঁৱত কোটিটকীয়া পথ নিৰ্মাণৰ নামত প্ৰহসন

মৰিগাঁৱৰ পৰা নগাঁও সংযোগী মূল ৰাজ্যিক গড়কাপ্তানি পথৰ মৰিগাঁও-জৰাবাৰীলৈ নিৰ্মাণ কৰা পথটোৰ কাম সম্পূৰ্ণ নহওঁতেই জহি খহি গৈছে পথছোৱা ৷ পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰোতে স্থানীয়ৰাইজে বাৰম্বাৰ পথটো সঠিকভাৱে নিৰ্মাণ কৰিবলৈ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলক দাবী জনাই আহিছিল যদিও শিৱম নামৰ পথ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে মইমতালিৰে জোৰাটাপলি মাৰি কাম কৰাৰ পৰিপ্ৰেক্ষিতত এনেদৰে পথটো খহি যোৱা বুলি দাবী কৰিছে স্থানীয় ৰাইজে ৷ এই ক্ষেত্ৰত ৰাইজে পথটো সম্পূৰ্ণ ভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে প্ৰতিষ্ঠানটোক ৷

ABOUT THE AUTHOR

...view details