অসম

assam

ETV Bharat / state

"ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব"-হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে জাগীৰোডৰ ঝাৰগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা আৰু নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে

By

Published : Apr 10, 2019, 5:15 PM IST

"ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব"- হিমন্ত বিশ্ব শৰ্মা

মৰিগাঁও, 10 এপ্ৰিলঃ জাগীৰোডৰ ঝাৰগাঁৱত অনুষ্ঠিত হয় বিজেপিৰ সংকল্প সমাৰোহ ৷ বুধবাৰৰ এই সমাৰোহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা আৰু নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷ সমালোচনাতে শান্ত নাথাকি "ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব" বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

"ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব"- হিমন্ত বিশ্ব শৰ্মা

ইয়াৰোপৰি আৰু পাঁচ বছৰ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ প্ৰতীক হাতৰ সলনি লুঙি-ধুতি হ’লহেতেন বুলিও কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে ৷ কংগ্ৰেছ চৰকাৰে লুঙি-ধুতিৰ ৰাজনীতি কৰে আৰু বিজেপিয়ে সোণৰ ৰাজনীতি কৰে বুলি ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷ সভাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ কাষৰ পৰা চাবলৈ হেলিপেডৰ কাষত সমবেত হয় অজস্ৰ লোক ৷ সমবেত পুৰুষ-মহিলা, শিশু-বৃদ্ধ সকলোকে সম্ভাষণ জনাই ৰাওনা হয় মন্ত্ৰী গৰাকী ৷

ABOUT THE AUTHOR

...view details