মৰিগাঁও, 27 মে’:বিগত কেইবাদিন ধৰি ৰাজ্যত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত মৰিগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত বিভিন্ন কৃষিক্ষেত্ৰত ভীষণ লোকচানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । পথাৰৰ সোণগুটিৰ পথাৰতে গঁজালি ওলোৱাৰ উপক্ৰম হৈছে ৷ নেৰা-নেপেৰা বৰষুণৰ কোনো এটা কৃষক পৰিয়ালেই চোতাললৈ আদৰিব পৰা নাই ভঁৰালৰ লখিমী ।
বানত সৰ্বস্বান্ত মৰিগাঁৱৰ কৃষক ! - মৰিগাঁৱৰ বৰোধানৰ কৃষকৰ মাজত হাহাকাৰ
মৰিগাঁৱৰ বিভিন্ন ঠাইত এতিয়া পানীৰ তলত পথাৰৰ সোণগুটি । কৃষকসকলে একঁকাল পানীত নামি দাইছে বৰোধান । ভীষণ লোকচানৰ সন্মুখীন হৈছে বৰোধানৰ কৃষক ।
মৰিগাঁৱত কৃষকসকলৰ দুৰাৱস্থা
মৰিগাঁৱৰ বৰোধানৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি ৷ ইফালে দীঘলীয়া লকডাউনৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হোৱা কৃষকৰ ওপৰতে পুনৰ জলবিপদে দেখা দিছে । আনহাতে, প্ৰধানমন্ত্ৰী কৃষক নিধি আঁচনিৰ আঁওতালৈ বৰ্তমান পৰ্যন্ত অহা নাই কৃষকসকল ৷