মৰিগাঁও, ১৯ জুলাইঃ মৰিগাঁৱত ভয়াৱহ বান পৰিস্থিতি । পৰিস্থিতি বুজ লবলৈ উপস্থিত হ'ল মন্ত্ৰী চুমু ৰংহাঙ ।
বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চুমু ৰংহাঙৰ
সমগ্ৰৰাজ্যৰ লগতে মৰিগাঁৱতো ভয়ংকৰ বান পৰিস্থিতি । ঘৰ দুৱাৰকে ধৰি হাজাৰ-হাজাৰ কৃষিভূমি পানীত ডুব গৈ থকাৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি হয় । মৰিগাঁৱৰ ভয়াৱহ বান পৰিস্থিতি বুজ লোৱাৰ বাবে মৰিগাঁও আৰ্বত্ত ভৱনত উপস্থিত হয় মন্ত্ৰী ৰংহাং।
সমগ্ৰৰাজ্যৰ লগতে মৰিগাঁৱতো ভয়ংকৰ বান পৰিস্থিতি । ঘৰ দুৱাৰকে ধৰি হাজাৰ-হাজাৰ কৃষিভূমি পানীত ডুব গৈ থকাৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি হয় । মৰিগাঁৱৰ ভয়াৱহ বান পৰিস্থিতি বুজ লোৱাৰ বাবে মৰিগাঁও আৰ্বত্ত ভৱনত উপস্থিত হয় মন্ত্ৰী ৰংহাং। মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত ঋতু ৰাজ বৰা সহ জিলাখনৰ মৰিগাঁও ৰাজহচক্ৰৰ মাৰাকলং,উদৰী-বাখৰবড়ী, ভূৰাগাঁও,লাহৰীঘাট ৰাজচক্ৰ ,মায়ং ৰাজহচক্ৰৰ মনহা আদিৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি বানাক্ৰান্তৰে মতবিনিময় কৰি চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ বানসাহাৰ্য আগবঢ়োৱাৰ আশ্বাস দিয়ে । উল্লেখযোগ্য যে, মন্ত্ৰী গৰাকীয়ে মৰিগাঁৱৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হব বুলি উল্লেখ কৰে ।
লগতে আন এটা বাতৰি - বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে