অসম

assam

ETV Bharat / state

লাহৰীঘাটৰ গৰাখহনীয়া অঞ্চল পৰিৰ্দশন ৰূপক শৰ্মাৰ - Laharighat

বিভিন্ন ৰাজনৈতিক দলৰ নেতা আহে আৰু যায় কিন্তু সমাধানৰ ব্যৱস্থা নকৰেঃ ভুক্তভোগী ৰাইজৰ ক্ষোভ। শীঘ্ৰে উক্ত সমস্যা সমাধান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান ৰাইজৰ।

লাহৰীঘাটৰ গৰাখহনীয়া অঞ্চল পৰিৰ্দশন ৰূপক শৰ্মাৰ

By

Published : May 7, 2019, 5:16 PM IST

মৰিগাঁও,৭ মেঃ মৰিগাঁও ১০নং লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাই লাহৰীঘাটৰ বিভন্ন গৰাখহনীয়া অঞ্চল পৰিৰ্দশন কৰে । নিৰ্বাচনত জয়ী হ'লে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস শৰ্মাৰ।

লাহৰীঘাটৰ গৰাখহনীয়া অঞ্চল পৰিৰ্দশন ৰূপক শৰ্মাৰ

উল্লেখযোগ্য যে, যোৱা কিছুদিন ধৰি জিলাখনৰ ভূৰাগাঁও,লাহৰীঘাট আদি অঞ্চলত ভয়াৱহৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। এই পৰ্যন্ত খহনীয়াত বহু লোকৰ ঘৰ-বাৰী উচন হোৱাৰ লগতে মৃত্যু হৈছে বহু পোহনীয়া জীৱ-জন্তুৰো। কিন্তু পৰিতাপৰ বিষয় এয়ে যে, এতিয়ালৈ উন্মুক্ত মথাউৰি আৰু খহনীয়াৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰ তথা প্ৰশাসনে। এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিব লগা হৈছে নিজৰ ঘৰখন। পানীত হাঁহ নচৰা অৱস্থা এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ । ৰূপক শৰ্মাই খহনীয়াগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে খহনীয়াত আক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰি নিৰ্বাচনত জয়ী হ'লে উক্ত সমস্যাটো সাংসদৰ মজিয়াত উপস্থাপন কৰি গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব বুলি মন্তব্য দিয়ে ৷

অধিক পঢ়িবলৈ- লখিমপুৰত ধুমুহাৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details