অসম

assam

ETV Bharat / state

Assam KKSOU aims: KKSOU ৰ লক্ষ্য- চলিত শৈক্ষিক বৰ্ষত ৰাজ্যৰ মুঠ এক লাখ শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰা - উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়ন হাৰ বৃদ্ধি

মৰিগাঁও মহাবিদ্যালয়ত উপস্থিত কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এটা শৈক্ষিক দল ৷ এই দলটোৱে মুক্ত শিক্ষাৰ যোগেদি সমগ্ৰ ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়ন হাৰ বৃদ্ধি সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৷

Assam KKSOU aims
মৰিগাঁও মহাবিদ্যালয়ত KKSOU ৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 7:49 AM IST

মৰিগাঁও, 1 ছেপ্তম্বৰ :বৃহস্পতিবাৰে মৰিগাঁও মহাবিদ্যালয় আয়োজন কৰা হয় কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এখন বিশেষ সভা ৷ চলিত শৈক্ষিক বৰ্ষত ৰাজ্যখনৰ মুঠ এক লাখ শিক্ষাৰ্থীক বিশ্ববিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰমৰ সৈতে সামৰি লোৱাৰ লক্ষ্য আগত ৰাখিছে বিশ্ববিদ্যালয়খনে ।

এই উদ্দেশ্য আগত ৰাখি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ নেতৃত্বত এটা শৈক্ষিক দলে মৰিগাঁও মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰত উপস্থিত হৈ এই সভাৰ আয়োজন কৰে ৷ সেয়ে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক দাসৰ ওপৰিও অধ্যয়ন কেন্দ্ৰসমূহৰ ডীন ড৹ দিব্যজ্যোতি মহন্ত আৰু বিশ্ববিদ্যালয়খনৰ অধ্যাপক ড৹ নবাংকুৰ পাঠকো উপস্থিত থাকে ।

শৈক্ষিক দলটোৱে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধ্যয়ন কেন্দ্ৰৰ তত্বাবদ্ধায়ক ড৹ লীলাকান্ত বৰঠাকুৰ আৰু আৰু কেন্দ্ৰ সমন্বয়ক যুগল চন্দ্ৰ নাথৰ উপস্থিতিত মহাবিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰত পঞ্জীয়ন সম্পৰ্কত বুজ লয় । উল্লেখ্য যে, দূৰ আৰু মুক্ত শিক্ষাৰ যোগেদি সমগ্ৰ ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়নৰ হাৰ বৃদ্ধিৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ দূৰ আৰু মুক্ত শিক্ষাৰ বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি, 2035 চনৰ ভিতৰত ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়ন হাৰ 50 শতাংশ লৈ বৃদ্ধি কৰিবলৈ হ’লে মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদিহে সম্ভবপৰ হ’ব বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে ৷ লগতে তেওঁ এই ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰিবলৈ আহ্বান জনায় মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যয়ন কেন্দ্ৰটোৰ সমন্বয়কগৰাকীক ।

বিভিন্ন কাৰণত উচ্চ শিক্ষাৰ পৰা বঞ্চিত অঞ্চলটোৰ সৰ্বস্তৰৰ লোকক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তর্গত বিভিন্ন পাঠ্যক্ৰমত নাম অন্তর্ভুক্ত কৰাবলৈ সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ ল’বলৈও পৰামৰ্শ আগবঢ়ায় । সমান্তৰালভাৱে মহাবিদ্যালয়খনত অধ্যয়নৰত শিক্ষার্থীসকলকো দ্বৈত ডিগ্ৰীৰ সুযোগ গ্ৰহণ বাবে সজাগতা সৃষ্টিৰ আহ্বান জনায় ৷

ইয়াৰ উপৰিও অধ্যয়ন কেন্দ্ৰসমূহৰ ডীনগৰাকীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন দিশ সন্দৰ্ভতো বক্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক :Assam Cabinet: গ্ৰামাঞ্চলত বিজুলী সংযোগৰ বাবে চৰকাৰে 112 কোটি অনুমোদন কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details