অসম

assam

ETV Bharat / state

ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে - dr ranjit kr nath morigaon

ডুবাইত অনুষ্ঠিত ষষ্ঠ আন্তৰ্জাতিক হোমিঅপেথিক চিকিৎসক সন্মিলনত উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে হোমিঅপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে ৷

Assam homeopathic doctor successful journey
ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে

By

Published : Dec 30, 2019, 12:36 PM IST

মৰিগাঁও,30 ডিচেম্বৰ: ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰিগাঁৱৰ হোমিঅপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে ৷ ডুবাইত অনুষ্ঠিত ষষ্ঠ আন্তৰ্জাতিক হোমিঅপেথিক চিকিৎসক সন্মিলনত উত্তৰপূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে হোমিঅপেথিক চিকিৎসক গৰাকীয়ে ৷ উল্লেখ্য যে বিশ্বৰ মুঠ এঘাৰ খন ৰাষ্ট্ৰৰ হোমিঅপেথিক চিকিৎসক আৰু চিকিৎসক বিজ্ঞানী সন্মিলনত ডাঃ ৰঞ্জিত কুমাৰ নাথে ৰাজহাঁড়ৰ বিষ তথা স্পণ্ডেলাইটিছ ৰোগৰ বিষয়ে আলোচনা আগবঢ়ায় ৷ বিশেষকৈ আধুনিক সমাজৰ অত্যাধিক ব্যস্ততা,মানসিক চাপ আৰু শাৰিৰীক কছৰৎ নকৰাৰ বাবেই এইৰোগৰ বৃদ্ধি বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভতো মন্তব্য কৰে হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথে ৷

ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অসম সন্তান তথা দেশৰ আগশাৰী বিশিষ্ট হোমিঅপেথিক চিকিৎসক গৰাকীয়ে থাইলেণ্ড আৰু গোৱাত অনুষ্ঠিত হোৱা চতুৰ্থ আন্তৰ্জাতিক হোমিঅপেথিক চিকিৎসক সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷

ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে

এনেদৰে দেশ তথা ৰাজ্যক প্ৰতিনিধিত্ব কৰি বহুকেইখন আন্তৰ্জাতিক হোমিঅপেথিক চিকিৎসক,চিকিৎসা বিজ্ঞানী সকলৰে হোৱা সন্মিলনত অংশ লৈ ৰাজ্যৰ হোমিঅপেথিক চিকিৎসা জগতখনক সমৃদ্ধ কৰাৰ লগতে এই চিকিৎসাৰে ৰোগীসকল উপকৃত হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডাঃ ৰঞ্জিত কুমাৰ নাথে ৷

লগতে চাওকঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ

ABOUT THE AUTHOR

...view details