মৰিগাঁও,25 মে’:আলোচনাৰ মাজলৈ আহিব নেকি আলফা(স্বা) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ! ৰাজ্য চৰকাৰৰ সৈতে সঁচাকৈয়ে আলোচনাত মিলিত হ’ব নেকি স্বাধীন অসমৰ স্বপ্নদ্ৰষ্টা পৰেশ বৰুৱা ৷ এই লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ সময়তে ৰাজ্য চৰকাৰ আৰু আলফা স্বাধীনৰ সাম্ভাব্য আলোচনাৰ পক্ষত মন্তব্য প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱৰ সংঘই ৷
অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰসকলে আলফা(স্বা) আৰু চৰকাৰৰ সৈতে আলোচনা হোৱাৰ পোষকতা কৰিছে ৷ অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ হেতুকে আলফা স্বাধীন আৰু চৰকাৰৰ সৈতে আলোচনাৰ পক্ষত এখোজ আগবঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে সংঘৰ প্ৰধান সম্পাদক গৰাকীয়ে ৷