মৰিগাঁও, 4 এপ্ৰিল :এদিনীয়া ভ্ৰমণসূচীয়ে মঙলবাৰে পুৱাই মৰিগাঁৱত উপস্থিত হয় নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (Assam Governor Gulab Chand Kataria visits Morigaon) ৷ তাৰ পিচতে ৰাজ্যপালগৰাকীক মৰিগাঁও জিলা প্ৰশাসন আৰু পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই শৰাই, চেলেং-চাদৰ আৰু জাপিৰে সম্বধৰ্না জনায় ৷
লগতে মৰিগাঁও জিলা আৰক্ষীৰ বিভাগে ৰাজ্যপালগৰাকীক অভিবাদন জনায় । আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে জীপ চাফাৰি কৰি পবিতৰা অভয়াৰণ্যৰ সৌন্দৰ্য উপভোগ কৰে । সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয়, ‘‘মই প্ৰথমবাৰৰ বাবে আজি পবিতৰা অভয়াৰণ্যত 5/6 টাকৈ গঁড় স্বচক্ষে প্ৰত্যক্ষ কৰিলো । মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো । এগৰাকী ৰাজ্যপাল হিচাবে অভয়াৰণ্যখনৰ যিখিনি উন্নতি কৰিব পাৰো সেয়া কৰিবলৈ প্ৰয়াস কৰিম’’ ৷
পবিতৰা অভয়াৰণ্য প্ৰত্যক্ষ কৰি জাগীৰোড আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদন স্থলীও পৰিদৰ্শন কৰে (Assam Governor in Sitajakhala) ৷ লগতে তেওঁ মৰিগাঁৱৰ অন্যতম কৃষক উৎপাদক কোম্পানী সাৰথিৰ মৎস্য পোনা উৎপাদন কেন্দ্ৰও পৰিদৰ্শন কৰি কৃষকসকলৰে সৈতে মতবিনিময় কৰে ।