গুৱাহাটী, 6 অক্টোবৰ :মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এইবাৰ সৰৱ সদৌ অসম দেৱালয় সংঘ৷ সংঘৰ সভাপতি আৰু প্ৰধান সম্পাদক সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য্য আৰু কৈলাশ শৰ্মাই বিধায়ক গৰাকীৰ এনে বিতৰ্কিত মন্তব্যৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে, বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী জনাইছে ৷
বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ সদৌ অসম দেৱালয় সংঘ - অশালীন মন্তব্য
বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী ৷
বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ সদৌ অসম দেৱালয় সংঘ
উল্লেখ্য যে, দেওবাৰে এখন ৰাজহুৱা সভাত বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ, গোঁসাই আৰু মহন্ত সম্প্ৰদায়ৰ বিৰুদ্ধে অশালীন মন্তব্য দিয়াৰ উপৰিও উক্ত সম্প্ৰদায়ৰ লোক সকলক টুকুৰা টুকুৰকৈ কাটিব বুলি মন্তব্য প্ৰদান কৰিছিল ৷শেহতীয়াকৈ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে ৷ সকলোৱে বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৷