অসম

assam

ETV Bharat / state

Foundation stones of Morigaon Medical College : 910 কোটি টকা ব্যয়ৰে মৰিগাঁৱত স্থাপন হ’ব মেডিকেল কলেজ - মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন

910 কোটি টকা ব্যয়ৰে স্থাপন হ’ব মেডিকেল কলেজ ৷ বৃহস্পতিবাৰে মৰিগাঁৱৰ জাগীভকত গাঁৱৰ বঘৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা (Foundation stones of Morigaon Medical College) ৷ সেয়ে সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ উদ্দেশ্যে বুধবাৰে মৰিগাঁৱত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika in Morigaon)৷

Assam CM will inaugurate foundation stones project of Morigaon Medical College
910 কোটি টকা ব্যয়ৰে স্থাপন হ’ব মেডিকেল কলেজ

By

Published : Dec 7, 2022, 7:48 PM IST

মৰিগাঁও, 7 ডিচেম্বৰ :মৰিগাঁওবাসীৰ বাবে এক সুখবৰ ৷ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মৰিগাঁৱৰ জাগীভকত গাঁৱৰ বঘৰাত মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ’ব (Foundation stones of Morigaon Medical College) ৷ 910 কোটি টকা ব্যয়ৰে স্থাপন কৰিব লগীয়া এই মেডিকেল কলেজৰ আধাৰশিলা মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

910 কোটি টকা ব্যয়ৰে স্থাপন হ’ব মেডিকেল কলেজ

মেডিকেল কলেজৰ আধাৰশিলা মুকলিৰ পূৰ্বে অৰ্থাৎ বুধবাৰে মৰিগাঁৱত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika in Morigaon) ৷ মৰিগাঁৱৰ বঘৰাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষন কৰে ৷

মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ষ্টেডিয়াম, দলং, পকী পথ, পলিটেকনিক কলেজ, কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰসত্ৰ 11 টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব (Assam CM Will Lay Foundation Stone of Morigaon Medical College) ।

910 কোটি টকা ব্যয়ৰে স্থাপন হ’ব মেডিকেল কলেজ

উল্লেখ্য যে, 910 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া আধাৰশিলা স্থাপন কাৰ্যসূচীৰ সকলো অনুষ্ঠান অনুষ্ঠিত হ’ব বঘৰাত । যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ আনকি প্ৰস্তুত কৰা হৈছে এখন হেলীপেডো ।

লগতে পঢ়ক :Foundation Day of Assam Cooperative Apex Bank: অসমত এতিয়া সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰে: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details