অসম

assam

ETV Bharat / state

Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন

লাহৰীঘাট থানাৰ ভিতৰত কিশোৰক বৰ্বৰোচিত নিৰ্যাতন (Lahorighat Police thrash minor) ৷ ঘটনাত জড়িত আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন ৷ উক্ত ঘটনা সন্দৰ্ভত মঙলবাৰে সংবাদমেল সম্বোধন কৰে জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ৷

morigaon-sp-press-meet-regarding-police-thrash-minor-for-stealing-biscuits
লাহৰীঘাট থানাৰ ভিতৰত কিশোৰক নিৰ্যাতন

By

Published : Mar 22, 2022, 2:15 PM IST

মৰিগাঁও, 22 মাৰ্চ :বিগত কিছুদিনৰে পৰা সংবাদ শীৰ্ষত আছে অসম আৰক্ষীৰ কৰ্মকাণ্ড ৷ সোমবাৰে লাহৰীঘাট আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ বলি হৈছিল এগৰাকী ১৪ বছৰীয়া কিশোৰ (Lahorighat Police thrash minor) ৷ এই কাণ্ডৰ সমগ্ৰ ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত ৷ কেৱল মাত্ৰ বিস্কুট চুৰিৰ অপৰাধত থানাৰ ভিতৰতে আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কিশোৰজনক ৷

এই কাণ্ডৰ পিছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সচেতন মহলৰ মাজত ৷ কিয়নো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ সদৰী কৰিছিল যে, তেওঁৰ শাসনকালত আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত পূৰ্বৰে পৰা থকা দূৰত্ব হ্ৰাস হ’ব লাগিব ৷ তাৰপিছতো কিন্তু অসম আৰক্ষীৰ কেতবোৰ কৰ্ম-কাণ্ডই চকু কপালত তুলিছে ৰাইজৰ ৷

মৰিগাঁৱৰ লাহৰীঘাট থানাৰ এগৰাকী চিৰস্তাদাৰক এই কাণ্ডৰ পিছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে (ASI suspended in Laharighat)৷

আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ সংবাদমেল

উক্ত ঘটনাটোৰ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে মঙলবাৰে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্বোধন কৰে এক সংবাদমেল ৷ উক্ত সংবাদমেলতে আৰক্ষী অধীক্ষকগৰাকীয়ে কিশোৰক মাৰধৰৰ কাণ্ডত জড়িত আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰদলৈক নিলম্বন কৰাৰ কথা সদৰী কৰে ৷ লগতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াবলৈ লাহৰীঘাট চক্ৰ পৰিদৰ্শকক দায়িত্ব দিয়া হোৱা বুলিও প্ৰকাশ কৰে ৷

উল্লেখ্য যে, ভুক্তভোগী কিশোৰটিক সম্প্ৰতি আইতাকৰ ওচৰত ৰখা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ৷ অসম আৰক্ষীয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ নটৰাজনে কৰ্তব্যৰত অৱস্থাত থকাৰ বিপৰীতে ঘৰুৱা সাজপাৰ পৰিধান কৰি থকা অৱস্থাত লঘু দোষত গুৰু শাস্তি প্ৰদান কৰা আৰক্ষী বিষয়াগৰাকীৰ এনে কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

লাহৰীঘাটৰ কিশোৰ নিৰ্যাতন কাণ্ডৰ সৈতে জড়িত অন্যান্য আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক নটৰাজনে প্ৰাথমিক তদন্তৰ পিছত উক্ত কাণ্ডত জড়িত প্ৰতিগৰাকী আৰক্ষী বিষয়াৰ বিপৰীতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

উল্লেখ্য যে, 18 মাৰ্চত মহানগৰীৰ মাজমজিয়াৰ পল্টন বজাৰত অসম আৰক্ষীৰ যানবাহন শাখাৰ এগৰাকী বিষয়াই ৰাজপথতে পত্নী-সন্তানৰ সন্মুখত এগৰাকী ব্যক্তিক প্ৰহাৰ কৰি সংবাদ শিৰোনাম দখল কৰিছিল ৷

লগতে চাওক:পুনৰ আৰক্ষীৰ আতিশয্য: কিশোৰটিয়ে চিঞৰিছে, আৰক্ষীয়ে মাথো মাৰিছে আৰু মাৰিছে...

ABOUT THE AUTHOR

...view details