মৰিগাঁও, ৭ নৱেম্বৰ: দিছপুৰত শাসনৰ গাদী শুৱনি কৰি থকা বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্ল'গান দি থকাৰ সময়তে চৰকাৰৰ একাংশ বিষয়াৰ কৰ্মই উদঙাইছে চৰকাৰৰ তথাকথিত কঠোৰ নীতিবোৰৰ প্ৰকৃত স্বৰূপ । মৰিগাঁৱৰ মায়ং উন্নয়ন খণ্ডত কনিষ্ঠ অভিযন্তা মজনুৰ হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে সভাগৃহ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ অভিযোগ।
ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট কনিষ্ঠ অভিযন্তা মজনুৰে মায়ং গাঁও পঞ্চায়তত সচিব হৈ থকাৰ সুবাদতে মায়ং উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ আঞ্চলিক পঞ্চায়তৰ সভাগৃহটো নিৰ্মাণৰ কাম হাতত লৈছিল। ২০১২-১৩ বৰ্ষত ৪০ লাখ টকা ব্যয় সাপেক্ষে সভাগৃহটো নিৰ্মাণ কৰা হৈছিল। নিম্মমানৰ সামগ্ৰীৰে সভাগৃহটো নিৰ্মাণ কৰাৰ পৰিণতি কেইদিনমান পিছতে দেখিবলৈ পোৱা গৈছিল। নিৰ্মাণৰ পিছতে ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা সভাগৃহৰ দেৱালত ফাট মেলে।