অসম

assam

ETV Bharat / state

মায়ং আৰক্ষীৰ অভিযানত উদ্ধাৰ হৰিণাৰ শিং আৰু অত্যাধুনিক মাৰণাস্ত্ৰ

পবিতৰাৰ কাষৰীয়া নেকেৰাহাবি গাঁৱৰ আনোৱাৰ হুইছেন আৰু চফিকুল ইছলাম নামৰ দুটা চোৰাংচিকাৰীৰ বাসগৃহৰ পৰা পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ আৰু মায়ং আৰক্ষীয়ে উদ্ধাৰ কৰে হৰিণাৰ শিং আৰু অত্যাধুনিক মৰণাস্ত্ৰ ৷ পলাই সাৰিবলৈ সক্ষম হয় দুই চোৰাংচিকাৰী ৷

etv bharat

By

Published : Jun 15, 2019, 11:34 PM IST

মায়ং, 15 জুন: পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ আৰু মায়ং আৰক্ষীৰ যুটীয়া অভিযানত শনিবাৰে জব্দ হয় দুটাকৈ অত্যাধুনিক মাৰণাস্ত্ৰ ৷ গোপন সূত্ৰৰ পম খেদি পবিতৰাৰ কাষৰীয়া নেকেৰাহাবি গাঁৱৰ আনোৱাৰ হুইছেনৰ ঘৰৰ পৰা অভিযানকাৰীৰ দলটোৱে উদ্ধাৰ কৰে এই অবৈধ অস্ত্ৰসমূহ ৷ ইয়াৰোপৰি একেখন গাঁৱৰে চফিকুল ইছলাম ওৰফে চব্বু নামৰ লোকজনৰ ঘৰৰ পৰাও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এটা হৰিণাৰ শিং ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বেও গঁড়ৰ চিকাৰৰ লগত জড়িত আছিল এই দুয়োটা চোৰাংচিকাৰী ৷

মায়ং আৰক্ষীৰ অভিযানত উদ্ধাৰ হৰিণাৰ শিং আৰু অত্যাধুনিক মৰণাস্ত্ৰ

উল্লেখ্য যে, বাৰিষাৰ দুৰ্যোগৰ সময়চোৱাত অভয়াৰণ্যখনত বৃদ্ধি পায় চোৰাং চিকাৰীৰ প্ৰকোপ ৷ সেয়েহে, পবিতৰাৰ কাষৰীয়া অঞ্চলসমূহত চোৰাংচিকাৰীৰ বিৰুদ্ধে সমন্তৰালকৈ সষ্টম হৈ উঠিছে অভয়াৰণ্যৰ কৰ্তৃপক্ষ লগতে মায়ং আৰক্ষী ৷ শনিবাৰে আনোৱাৰ হুইছেন আৰু চফিকুল ইছলামৰ বাসগৃহৰ পৰা মাৰণাস্ত্ৰৰ লগতে হৰিণাৰ শিং উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অভিযানৰ উমান পাই পলাই সাৰিবলৈ সক্ষম হয় চোৰাংচিকাৰী দুটা ৷ দুয়োটা চোৰাংচিকাৰীকে আটক কৰিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত ৷

ABOUT THE AUTHOR

...view details