অসম

assam

মৰিগাঁৱত একুৱাৰিয়ামৰ মাছ সহ আটক দুই

By

Published : Oct 24, 2020, 8:36 AM IST

মৰিগাঁৱত আৰক্ষীৰ জালত পৰে একুৱাৰিয়াম মাছ সহ এখন মিনি ট্ৰাক ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ট্ৰাকখনৰ চালকজনক ৷

acorrium fish With Two Persons Arrested By Police At Morigaon
মৰিগাঁৱত একুৱাৰিয়ামৰ মাছ সহ আটক দুই

মৰিগাঁও, 24 অক্টোবৰঃ মৰিগাঁৱত আৰক্ষীয়ে এক অভিযান চলাই AS01-GC-7495 নম্বৰৰ এখন মিনি ট্ৰাক জব্দ কৰে ৷ উক্ত বাহনখনৰ পৰা বৃহৎ পৰিমানৰ আলংকাৰিক মাছৰ লগতে চালক আৰু এজন ব্যৱসায়ীক আটক কৰে । ইফালে অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক জেৰা অব্যাহত ৰাখিছে মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে ৷

মৰিগাঁৱত একুৱাৰিয়ামৰ মাছ সহ আটক দুই

উল্লেখ্য যে, আটকাধীন একুৱাৰিয়াম মাছ বিক্ৰেতাজনৰ সৈতে আন বহুকেইজন লোক গুৱাহাটীত বাহৰ পাতি এই ক'লা ব্যৱসায় অব্যাহত ৰাখিছে বুলি অভিযোগ উঠিছে । তাৰোপৰি দুটা একুৱাৰিয়াম মাছ সহ এটা পাত্ৰ তিনিশৰ পৰা চাৰিশ টকাত বিক্ৰী কৰে বুলি জানিবলৈ পোৱা গৈছে যদিও কিছুদিনৰ পিছতেই একুৱাৰিয়াম মাছসমূহৰ ৰং সলনি হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছিল কলিকতাৰ অসাধু ব্যৱসায়ী কেইটাৰ বিৰুদ্ধে । ইফালে তদন্তৰ খাতিৰত ধৃত লোক কেইজনৰ নাম প্ৰকাশৰ পৰা বিৰত আছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক- ৰে'ল আৰক্ষীৰ অভিযানঃ জব্দ 34.5 কেজি গাঞ্জা,উদ্ধাৰ অপহৃত কিশোৰী

ABOUT THE AUTHOR

...view details