মৰিগাঁও, ৪ ফেব্ৰুৱাৰী: মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে তৃতীয় অসম ক্ৰিকেট প্ৰিমিয়াৰ লীগ । অহা ১৭ ফেব্ৰুৱাৰীত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব ।
মৰিগাঁৱত অনুষ্ঠিত হৈছে তৃতীয় অসম ক্ৰিকেট প্ৰিমিয়াৰ লীগ বুধবাৰে তৃতীয় অসম ক্ৰিকেট প্ৰিমিয়াৰ লীগৰ উদ্বোধন কৰে ক্ৰীড়া ভাৰতীৰ উত্তৰ পূৰ্ৱাঞ্চলৰ পৰিচালক মনোজ মহান্তিয়ে । তেওঁ কয় যে, ক্ৰীড়া ভাৰতীয়ে দেশৰ প্ৰতিগৰাকী খেলুৱৈক সু-চৰিত্ৰ গঠনত সদায় উৎসাহিত কৰি আহিছে ।
মৰিগাঁৱত অনুষ্ঠিত হৈছে তৃতীয় অসম ক্ৰিকেট প্ৰিমিয়াৰ লীগ সেয়ে, বিভিন্ন খেল অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছে । ইয়াৰে অংশ হিচাপে মৰিগাঁৱৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত এই খেল অনুষ্ঠিত হৈছে । খেলৰ জৰিয়তে সু-চৰিত্ৰ গঢ় দিয়া আৰু সু-চৰিত্ৰৱান খেলুৱৈৰ দ্বাৰা দেশৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগোৱাৰ উদ্দেশ্যেৰে ক্ৰীড়া ভাৰতীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
মৰিগাঁৱত অনুষ্ঠিত হৈছে তৃতীয় অসম ক্ৰিকেট প্ৰিমিয়াৰ লীগ তৃতীয় অসম ক্ৰিকেট প্ৰিমিয়াৰ লীগ পৰিচালনা কৰে জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জিতু বৰদলৈয়ে ।
মৰিগাঁৱত অনুষ্ঠিত হৈছে তৃতীয় অসম ক্ৰিকেট প্ৰিমিয়াৰ লীগ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পবন মান্তা, উপ-সভাপতি ৰমেন নাথৰ লগতে বহু কেইজন জ্যেষ্ঠ ক্ৰীড়ানুৰাগীয়ে অংশ লয় । বুধবাৰে বিয়লি গছৰগুৰি ত্ৰিবেণী যুৱক সংঘ আৰু মৰিগাঁও ক্ৰীকেট সন্থাৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হয় ।
লগতে পঢ়ক:ৰাইজৰ দলৰ চতিয়া সমষ্টিৰ কাৰ্যকৰী সভাপতিৰ পদত্যাগ