মৰিগাঁও, 6 অক্টোবৰ:দিল্লীৰ যন্তৰ-মন্তৰত তিনি ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অন্তত বৃহস্পতিবাৰে সদৌ অসম অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ বিষয়-ববীয়াসকলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে । কেন্দ্ৰীয় চৰকাৰৰ জলসম্পদ মন্ত্ৰীগৰাকীক সাক্ষাত কৰি ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ, কোনো পৰীক্ষা অনুষ্ঠিত নকৰাকৈ পদোন্নতি দিয়া, মেডিকেলৰ সা-সুবিধা প্ৰদান কৰা, পোষণৰ নামত কামৰ হেঁচা বন্ধ কৰা, উৎকৃষ্ট মানৰ শিক্ষণ সঁজুলি প্ৰদান কৰাকে ধৰি সাত দফীয়া দাবী পূৰণৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰে ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত অনুষ্ঠান একেদৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দেশ তথা ৰাজ্যৰ অংগনবাড়ী কৰ্মী সন্থাৰ সাত দফীয়া দাবী পূৰণৰ বাবে দাবী জনায় সংগঠনটোৱে । বৃহস্পতিবাৰে এই সন্দৰ্ভত অংগনবাড়ী কৰ্মী সন্থাৰ মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদিকা ৰেখা মণি ডেকা, ৰাজ্যিক সমিতিৰ সভানেত্ৰী ৰূপা আৰন্ধৰা গগৈ, সাধাৰণ সম্পাদিকা বিজয়া ডেকাই কেতবোৰ মন্তব্য কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত অনুষ্ঠান তেওঁলোকে কয় যে বুধবাৰে অংগনবাড়ী কৰ্মী সন্থাৰ উদ্যোগত দেশৰ কুৰিখনতকৈ অধিক ৰাজ্যৰ কৰ্মী, ক্ষুদ্ৰ অংগনবাড়ী-সহায়িকাই দিল্লীৰ যন্তৰ-মন্তৰত গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যখনৰ 32 খন জিলাৰ প্ৰতিনিধিয়ে নতুন দিল্লীৰ কাৰ্যালয়ত সাক্ষাৎ কৰে ৷ লগতে বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয় সদৌ অসম অংগণবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়-ববীয়াসকল ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত অনুষ্ঠান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাত দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰীলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ জৰিয়তে সাত দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰি দাবী পূৰণৰ বাবে দাবী জনায় । ইফালে সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়-ববীয়াসকলকো আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
লগতে পঢ়ক:Anganwadi worker Protest : জিলা পৰ্যায়ত আন্দোলনৰ বাবে সাজু হৈছে অংগনবাদী কৰ্মী-সহায়িকা