মৰিগাঁও , ১৪ ফেব্ৰুৱাৰী : মৰিগাঁৱত কৃতি ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে ২০১৮ শিক্ষা বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান। আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ৰিতুৰাজ বৰাই।
মৰিগাঁৱত আনন্দৰাম বঁটা প্ৰদান অনুষ্ঠান - STUDENT
৪৫৫ ছাত্র ছাত্ৰীক প্ৰদান কৰা হয় ২০১৮ চনৰ আনন্দৰাম বৰুৱা বঁটা
ANANDARAM BARUAH
বৃহস্পতি বাৰে মৰিগাঁৱত ৪৫৫ ছাত্র ছাত্ৰীক ২০১৮ চনৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান।মৰিগাঁও শংকৰ-মাধৱ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠান। প্ৰধান শিক্ষয়িত্ৰী অন্নদা দেৱী নেতৃত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানটো আঁতধৰে সহকাৰী শিক্ষক গহন বৰাই। অনুষ্ঠানত মৰিগাঁৱৰ জিলা উপায়ুক্ত, জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সম্পাদককে ধৰি জিলাখনৰ শিক্ষক কৰ্মচাৰী, অভিভাৱকসহ ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।