অসম

assam

ETV Bharat / state

মৰিগাঁৱত ভগা জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধাই - সংবাদ মাধ্যম

মৰিগাঁৱত অসহায় এগৰাকী বৃদ্ধা ৷ ভগা জুপুৰীত দিন অতিবাহিত কৰিছে বৃদ্ধা গৰাকীয়ে ৷ চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত মহিলা গৰাকী ৷

An old woman has spent her days in poor home in Morigaon
মৰিগাঁৱত ভগা জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধাই

By

Published : Nov 10, 2020, 7:16 AM IST

মৰিগাঁও, 10 নৱেম্বৰ :মৰিগাঁৱত জৰাজীৰ্ণ জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধা মহিলাই ৷ জিলাখনৰ ভূৰবন্ধা খণ্ড উন্নয়নৰ অন্তৰ্গত বঘৰা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মৈধালি-কলংপাৰ গাঁৱৰ খৰ্গেশ্বৰী হীৰা নামৰ বৃদ্ধা মহিলা গৰাকীয়ে আশ্ৰয় বুলিবলৈ এখন মাত্ৰ টিনৰ চালিকে লৈ দিন অতিবাহিত কৰিব লগা হৈছে ৷

জৰাজীৰ্ণ ঘৰ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে বৃদ্ধা গৰাকীয়ে পঞ্চায়ত প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিছিল যদিও প্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ যাৰ বাবে বৃদ্ধা গৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ তথা জিলা প্ৰশাসনক থকাৰ সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৷

মহিলা গৰাকীৰ বসবাস কৰাৰ দৃশ্য

লগতে পঢ়ক :ফুটবলৰ ক্ষেত্ৰত ৰাজ্যত আন্তঃগাঁঠনি উন্নত কৰা প্ৰয়োজন আছেঃ বাইচুং ভূটীয়া

ABOUT THE AUTHOR

...view details