মৰিগাঁও,5 অক্টোবৰ:বিগত প্ৰায় 25 বছৰে পৰিত্যক্ত অৱস্থাত থকা এটা অসম আৰ্হিৰ ঘৰ ৷ ঘৰটোক লৈ বিশেষ চৰ্চা এক নিৰ্দিষ্ট অঞ্চলৰ বাসিন্দাসকলৰ মাজত ৷ কিয়নো, নিৰ্বাচনৰ পূৰ্বেহে খোল খায় ঘৰটোৰ দুৱাৰ ৷ সেই ঘৰটো আন কাৰো নহয়, এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ মৰিগাঁৱস্থিত বাসগৃহটোৰ কথাই কোৱা হৈছে ৷ 81 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ পৰিদৰ্শন বাংলোৰ সমীপত থকা এই বাসগৃহটো সম্প্ৰতি পৰিণত হৈছে একপ্ৰকাৰৰ ভূত বাংলালৈ ৷ বিগত প্ৰায় 15 বছৰে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ পদত ন্যস্ত থকাৰ লগতে 10 বছৰ ধৰি বিধায়ক হৈ ৰোৱা ডাঃ ইছলামৰ এইটোৱে একমাত্ৰ ঘৰ নহয় । প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অন্য এক বাসগৃহ আছে লাহৰীঘাটৰ সমীপৰ উলুবাৰীত । ইয়াৰ লগতে ৰাজধানী গুৱাহাটীৰ কেন্দ্ৰবিন্দু স্বৰূপ দিছপুৰৰ গাতে মন্ত্ৰীগৰাকীৰ নামত আছে এক বিলাসী অট্টালিকা ৷
নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এই গৃহ নিৰ্মাণ কৰিছিল ৷ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ইয়ালৈ আহি দলীয় নেতা-কৰ্মীৰ সৈতে মিলিত হৈ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰে বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে ইছলামে পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত নিয়োজিত হৈছিল এগৰাকী কেবিনেট মন্ত্ৰীৰূপে ৷