অসম

assam

ETV Bharat / state

Amrit Kalash Yatra 2023: মৰিগাঁও নগৰত আজিৰ পৰা আৰম্ভ হ’ব "অমৃত কলহ যাত্ৰা" - Amrit Kalash Yatra starts in Morigaon town

20 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে "অমৃত কলহ যাত্ৰা" ৷ আজিৰ পৰা মৰিগাঁও নগৰত অমৃত কলহত মাটি সংগ্ৰহৰ কাৰ্য আৰম্ভ হ’ব ৷

Amrit Kalash Yatra 2023
মৰিগাঁও নগৰত আজিৰ পৰা আৰম্ভ হ’ব মাটি সংগ্ৰহৰ কাৰ্য

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 9:54 AM IST

মৰিগাঁও নগৰত আজিৰ পৰা আৰম্ভ হ’ব মাটি সংগ্ৰহৰ কাৰ্য

মৰিগাঁও,23 ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে অমৃত কলহত গাঁৱে গাঁৱে মাটি সংগ্ৰহৰ অভিযান ৷ ‘‘মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত যোৱা 20 ছেপ্টেম্বৰৰ পৰা "অমৃত কলহ যাত্ৰা"ৰ অংশৰূপে গাঁওসমূহত ঘৰে ঘৰে গৈ মাটি সংগ্ৰহৰ অভিযান আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো অমৃত কলহত গাঁৱে গাঁৱে মাটি সংগ্ৰহ অভিযান অব্যাহত আছে ।

আজিৰ পৰা মৰিগাঁও নগৰত মাটি সংগ্ৰহ কৰা হ'ব । নিৰ্বাচিত আত্মসহায়ক গোটৰ মহিলাই প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো ঘৰৰ পৰা মাটি বা এমুঠি চাউল সংগ্ৰহ কৰিব । অহা 2 অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি আৰু চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ পৰা শোভাযাত্রা কৰি গাঁও পঞ্চায়ত বা পৌৰ কাৰ্যালয়ত উপস্থিত হ'ব ।

শুকুৰবাৰে জিলাখনৰ বিভিন্ন অঞ্চলত নিৰ্বাচিত আত্মসহায়ক গোটৰ মহিলাই ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰে ৷ জিলাখনৰ ভৰভেটি গাঁৱত অমৃত কলহ বন্দনাৰে ৰচিত বিশেষ গীত গাই গাই মাটি সংগ্ৰহ কৰে নিৰ্বাচিত মহিলাসকলে ৷ উল্লেখ্য যে, এটি গাম্ভীর্যপূর্ণ কাৰ্যসূচীৰে সমূহ গাঁও বা ৱাৰ্ডৰ মাটি মিশ্রণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত দান কৰা হ'ব । গাঁৱৰ পৰা লৈ অহা অৱশিষ্ট মাটিখিনি গাঁৱৰ উন্নয়নমূলক কামত ব্যৱহাৰৰ বাবে সন্মানসহকাৰে ৰাখি থোৱা হ'ব

8 আৰু 15 অক্টোবৰৰ যিকোনো এটা দিনত অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মর্যাদাসহকাৰে প্ৰেৰণ কৰিব । খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংগৃহীত কলহসমূহৰ মাটিখিনি পুনৰ সংমিশ্ৰণ কৰি চৰকাৰীভাৱে প্ৰেৰিত দুটা পিতলৰ কলহত দান দিয়া হ'ব । অৱশিষ্ট মাটিখিনি ব্লক পৰ্যায়ৰ উন্নয়নমূলক কাম-কাজত ব্যৱহাৰৰ বাবে শ্রদ্ধাসহকাৰে ৰাখি থোৱা হ'ব ৷

লগতে পঢ়ক:Corruption in road construction:মন্ত্ৰী পীযুষ হাজৰীকাৰ সমষ্টিত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details