অসম

assam

ETV Bharat / state

Amrit Kalash Yatra : লুৰীণজ্যোতি গগৈক পাটবেঙৰ লগত তুলনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যজুৰি মোৰ মাটি মোৰ দেশ শীৰ্ষক কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হৈছে ৷ শেহতীয়াকৈ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা এজাৰবাৰী, বঘৰা অঞ্চলত অমৃত কলহত যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

Amrit Kalash Yatra
লুৰীণজ্যোতি গগৈক পাটবেঙৰ লগত তুলনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 8:02 AM IST

লুৰীণজ্যোতি গগৈক পাটবেঙৰ লগত তুলনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

মৰিগাঁও, 6 অক্টোবৰ :"এইটো বিজেপিৰ অনুষ্ঠান নহয় ৷ এইটো দেশৰ অনুষ্ঠান ৷ ৰাইজৰ অনুষ্ঠানত সকলোৱে সহযোগ কৰিব লাগে ৷ যদি ৰাইজৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰে, তেনেহ’লে তেওঁলোকৰ সমষ্টিত উন্নয়নো নালাগে ৷ বিৰোধীৰ ভাঙোনমুখী চিন্তাধাৰা নিপাত যাওঁক ৷ গঠনমূলক চিন্তাধাৰাৰে অসম গঢ়িম, ভাৰতবৰ্ষ গঢ়িম, ৰাইজে এই কথা বুজিছে ৷ সেইবাবে তেওঁলোকক বিদায়ো দিছে ৷’’বৃহস্পতিবাৰেমৰিগাঁও বঘৰাত আয়োজন কৰা অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰতিকুল বতৰকো নেওচি হাজাৰ হাজাৰ ৰাইজে বঘৰাৰ পৰা এজাৰবাৰীলৈ ছয় কিলোমিটাৰ পথ খোজকাঢ়ি মোৰ দেশ মোৰ মাটি তথা অমৃত কলহ যাত্ৰাত অংশগ্ৰহণত কৰাত অভিভূত হৈ পৰিছো । ধন্যবাদ দিবলৈ ভাষা নাই’’ ।

"এনেকৈ পাটবেঙৰ দৰে জঁপিয়াই জঁপিয়াই ফুৰিছে, আজি অ’ত কালি ত’ত ৷ এইবোৰক মানুহে পাত্তা নিদিয়ে ৷ মানুহে মোদীক ভাল পায়, হিমন্ত বিশ্ব শৰ্মাক ভাল পায় ৷ এয়া আমাৰ আশীৰ্বাদ ৷ কোনো লুৰীণজ্যোতি গগৈ বা অন্য দল নাথাকে, আমি আকৌ জিকিম ৷" মন্ত্ৰীগৰাকীয়ে বিৰোধীক লক্ষ্য কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

শেহতীয়াকৈ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা এজাৰবাৰী, বঘৰা অঞ্চলত আয়োজন কৰা অমৃত কলহত যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ এই যাত্ৰাত মন্ত্ৰীগৰাকীক সংগ দিয়ে তিৱা স্বায়ত্তৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, প্ৰাক্তন তিৱা স্বায়ত্তপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, জিলা বিজেপিৰ নেতৃত্ব, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ৷

নেৰানেপেৰা বৰষুণকো নেওচি হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত । তাৰ পিচতে মন্ত্ৰী পীযুষ হাজৰীকাই বঘৰা চাৰিআলিৰ ৰাজহুৱা ভৱনত আয়োজন কৰা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক:Ashok Singhal in Bongaigaon ; বঙাইগাঁৱক অসমৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল হাব হিচাপে গঢ় দিয়াৰ লক্ষ্য অসম চৰকাৰৰ : অশোক সিংহল

ABOUT THE AUTHOR

...view details