অসম

assam

ETV Bharat / state

Morigaon police suspended :বিদেশীৰ নামত ভুৱা জাননী দেখুৱাই ধন সংগ্ৰহ কৰা মৰিগাঁৱৰ কনিষ্টবলক নিলম্বন

মৰিগাঁও সদৰ থানাৰ সীমান্ত শাখাৰ কনিষ্টবলক তৎকালীনভাৱে নিলম্বন কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে । মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত থানাগৰা গাঁৱৰ সংখ্যালঘু একাংশ লোকক বিদেশীৰ নামত হাতেলিখা ভুৱা জাননী দেখুৱাই ১০ ৰ পৰা ৪০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল অভিযুক্তৰ বিৰুদ্ধে ।

border branch police of Morigaon police station
মৰিগাঁও সদৰ থানাৰ সীমান্ত শাখাৰ কনিষ্টবল

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:27 PM IST

মৰিগাঁও সদৰ থানাৰ সীমান্ত শাখাৰ কনিষ্টবল

মৰিগাঁও, ৩ অক্টোবৰ:মৰিগাঁও সদৰ থানাৰ সীমান্ত শাখাৰ কনিষ্টবল জয়ন্ত কুমাৰ দাসক তৎকালীনভাৱে নিলম্বন কৰিছে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে । মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত থানাগৰা গাঁৱৰ একাংশ সংখ্যালঘু লোকক বিদেশীৰ নামত হাতেলিখা ভুৱা জাননী দেখুৱাই ১০ ৰ পৰা ৪০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল কনিষ্টবল জয়ন্ত কুমাৰ দাসৰ লগতে দুজনকৈ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰুদ্ধে ।

ভুক্তভোগীয়ে মৰিগাঁও আৰক্ষী অধীক্ষকক দিয়া লিখিত অভিযোগৰ লগতে ফোন কল আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ ভিত্তিত আৰক্ষীয়ে নিলম্বন কৰিছে কনিষ্টবল জয়ন্ত কুমাৰ দাসক । যিসময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ সংস্কাৰৰ বাবে কেতবোৰ পদক্ষেপ লৈছে সেই সময়তে মৰিগাঁৱৰ সীমান্ত শাখাৰ আৰক্ষীৰ কাণ্ডই লজ্জানত কৰিছে বিভাগটোক ।

উত্থাপিত অভিযোগ মতে, দালালিত নামিছে মৰিগাঁও সদৰ থানাত কৰ্মৰত সীমান্ত শাখাৰ জয়ন্ত কুমাৰ দাস নামৰ আৰক্ষী কনিষ্টবলজন । সীমান্ত শাখাত কৰ্মৰত আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে দীৰ্ঘদিন উত্থাপিত হৈছে গুৰুত্বৰ অভিযোগ । দালালৰ সহায়ত গাঁও অঞ্চলৰ একাংশ লোকক বিদেশীৰ গোচৰ দেখুৱাই ভয় ভাবুকিৰে ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত থানাগড়াৰ এই সকল লোকে ।

লগতে পঢ়ক:Deaf and dumb training program : শ্ৰৱণ আৰু বাকশক্তিহীন শিক্ষাৰ্থীৰ বাবে অসমত এখন বিশ্ববিদ্যালয়ৰ স্থাপনৰ পোষকতা মুখ্যমন্ত্ৰীৰ

আনহাতে,ভুক্তভোগী লোকসকলে এই ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি মৰিগাঁও আৰক্ষী অধীক্ষকক লিখিত অভিযোগ উত্থাপন কৰাৰ পিছতে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে গ্ৰহণ কৰে এই শাস্তিমূলক ব্যৱস্থা । শূণ্য সহনশীলতাৰ কথা কোৱা অসম চৰকাৰ আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এনে আৰক্ষীৰ লোকসকলক কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Coconut Vinegar: আপুনি কেতিয়াবা নাৰিকলৰ ভিনেগাৰ ব্যৱহাৰ কৰিছেনে ? ইয়াৰ উপকাৰিতা জানি আপুনিও নিতৌ কৰিব ইয়াৰ ব্যৱহাৰ

ABOUT THE AUTHOR

...view details