অসম

assam

Constituency delimitation final list: মৰিগাঁৱতো সমষ্টি সংৰক্ষণ নকৰাত আন্দোলন ঘোষণা সদৌ তিৱা ছাত্ৰ সন্থাৰ

By

Published : Aug 13, 2023, 2:57 PM IST

বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অন্তত শুকুৰবাৰে প্ৰকাশ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷ এই চূড়ান্ত তালিকাক শাসকীয় পক্ষই আদৰণি জনালেও বিৰোধীয়ে এতিয়াও পূৰ্বৰ স্থিতিতে অটল হৈ থকাত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াৰ । সদৌ তিৱা ছাত্ৰ সন্থায়ো উজাৰিলে ক্ষোভ ।

Constituency delimitation final list
সমষ্টি পুনৰ নিৰ্ধাৰণত তিৱা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

সমষ্টি পুনৰ নিৰ্ধাৰণত তিৱা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

মৰিগাঁও, ১৩ আগষ্ট:বহু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন, বহু আৰ্জি দাখিল, বহু আলোচনা-বিলোচনাৰ পিচতো মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ নকৰাত প্ৰতবাদ মুখৰ হৈ পৰিছে তিৱা দল সংগঠনৰ নেতৃত্ব । ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পিচতে প্ৰতিবাদ মুখৰ হৈ পৰিছে তিৱা সমাজ । আকৌ এলানি গণতান্ত্ৰিক আন্দোলনৰ ঘোষণা কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই । এই সন্দৰ্ভত শনিবাৰে মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰি উজাৰিলে ক্ষোভ ।

ৰাজ্যৰ আন আন বিধানসভা সমষ্টিৰ লেখীয়াকৈ মৰিগাঁৱতো সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰতিবাদৰ আগজাননী দিলে সদৌ তিৱা ছাত্ৰ সন্থাই । কালি তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মছৰঙে তিৱাসকলক ৰাজনৈতিকভাৱে কৰা প্ৰতাৰণাৰ উচিত প্রত্যুত্তৰ যথা সময়ত তিৱা ৰাইজ আৰু তিৱা জাতীয় সংগঠনে বিজেপি দলক দিব বুলি সকীয়াই দিয়ে ।

তেওঁ কয় যে অসম চৰকাৰৰ মহাপ্ৰতাপী মন্ত্ৰী পীযুষ হাজৰীকাই তিৱা জাতিক প্ৰতাৰণা কৰিছে । ইয়াৰ ফলস্বৰূপে অনাগত দিনত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত তিৱা ৰাইজে বিজেপি চৰকাৰক উচিত প্রত্যুত্তৰ দিব বুলি চৰকাৰক সকীয়াই দিয়ে সদৌ তিৱা ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:World Organ Donation Day: বিশ্ব অংগদান দিৱস উপলক্ষে গুৱাহাটীত সজাগতামূলক বাইক ৰেলী; উপস্থিত জুবলী বৰুৱা

শনিবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত সন্মিলিত তিৱা জাতীয় সংগঠনসমূহে আগন্তুক দিনত এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে । দৰাচলতে নিৰ্বাচনী আয়োগে সমষ্টি নিৰ্ধাৰণ সন্দৰ্ভত প্ৰকাশ কৰা তালিকাত মৰিগাঁও বিধানসভা সমষ্টিটো সংৰক্ষণ মুক্ত কৰাৰ পিচতে ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে এই সমষ্টিটো সংৰক্ষণ কৰাৰ দাবী জনাই আহিছিল ।

লগতে পঢ়ক:Constituency delimitation final list: আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি অগপত বিদ্ৰোহ

ABOUT THE AUTHOR

...view details