মৰিগাঁও, 27 নৱেম্বৰ :মৰিগাঁও জিলাৰ জালুগুটিৰ বজাৰ পট্টিত জালুগুটি মণ্ডল কংগ্ৰেছৰ উদ্যোগত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰে সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগ কৰে জালুগুটিৰ বজাৰ পট্টিৰ ব্যৱসায়ীসকলে ৷
প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জনাই মৰিগাঁৱত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা - সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জনাই মৰিগাঁৱত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ৷
মৰিগাঁৱত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা
চৰাইবাহী জিলা পৰিষদৰ প্ৰাক্তন সদস্য মকিবুৰ ৰহমানে শুভাৰম্ভ কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি বজাৰখনৰ সকলো ব্যৱসায়ীয়ে গগৈৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই এক মিনিটৰ বাবে বন্ধ কৰি দিয়ে সকলো লাইট ৷
লগতে পঢ়ক :বিহালী বিজেপি বাঘমৰা মণ্ডলৰ বিশেষ সাংগঠনিক সভা সম্পন্ন