অসম

assam

ETV Bharat / state

মৰিগাঁৱত উন্নয়ন আঁচনিৰ ধন হৰলুকীৰ অভিযোগ - ৰমাকান্ত দেউৰী

শলমাৰী গাঁৱত নিৰ্মাণ কৰা এটা পথৰ অৱস্থাই স্বৰূপ উদঙাইছে তিৱা স্বায়ত্ব শাসিত জিলাখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷ পাঁচ লাখটকীয়া আঁচনিৰ খনৰ ১.২০ লাখ টকা ব্যয় কৰি বাকী 3.80 টকা হৰলুকী কৰাৰ অভিযোগ শলমাৰী গাঁৱৰ ৰাইজৰ । 16 নং পৰিষদীয় সমষ্টিতো একেই অভিযোগ কংগ্ৰেছী সদস্য নৰোত্তম ডেকাৰ বিৰুদ্ধে ।

tiwa autonomous council
tiwa autonomous council

By

Published : Oct 15, 2020, 4:54 PM IST

মৰিগাঁও, 15 অক্টোবৰ : তিৱা স্বায়ত্বশাসন পৰিষদৰ দুৰ্নীতিক লৈ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা মৰিগাঁও বিজেপি বিধায়ক ৰমাকান্ত দেউৰী আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাক লৈ দুই শিবিৰৰ মাজত তদন্ত কেন্দ্ৰিক বিৰ্তক অব্যাহত থকাৰ সময়তে মৰিগাঁৱৰ বিভিন্ন পৰিষদীয় সমষ্টিত পথ উন্নয়ন নামত উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ ।

শলমাৰী গাঁৱত নিৰ্মাণ কৰা এটা পথৰ অৱস্থাই স্বৰূপ উদঙাইছে তিৱা স্বায়ত্ব শাসিত জিলাখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷ পাঁচ লাখটকীয়া আঁচনিৰ খনৰ ১.২০ লাখ টকা ব্যয় কৰি বাকী 3.80 টকা হৰলুকী কৰাৰ অভিযোগ শলমাৰী গাঁৱৰ ৰাইজৰ । 16 নং পৰিষদীয় সমষ্টিতো একেই অভিযোগ কংগ্ৰেছী সদস্য নৰোত্তম ডেকাৰ বিৰুদ্ধে । ৰাইজৰ অভিযোগ মতে পাঁচ লাখ টকীয়া আঁচনিত 1.2 লাখ টকা আৰু দহ লাখটকীয়া আন এখন আঁচনিত 2.5 লাখ টকা ব্যয় কৰিয়েই দায়িত্ব সামৰিছে ঠিকাদাৰ তথা কাৰ্যবাহীয়ে । খেলপথাৰ, মন্দিৰ, পথ সকলো নিৰ্মাণ আঁচনিতে একে কৌশলৰে ধন সৰকোৱাৰ অভিযোগ তুলিছে ৰাইজে ।

মৰিগাঁৱত উন্নয়ন আঁচনিৰ ধন হৰলুকীৰ অভিযোগ

সাধাৰণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত শ'লমাৰী সমষ্টি । তিৱা স্বায়ত্বশাসন পৰিষদৰ অন্তৰ্গত শলমাৰী সমষ্টিটোৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ পথটোৰ দুৰৱস্থাৰ বাবে জলাকলা খাব লগীয়া হৈছে স্থানীয় ৰাইজে ৷ ইয়াৰ লগতে অঞ্চলটোত থকা পৌৰাণিক গণেণ মন্দিৰটোলৈ অহা লোক সকলেও যঠেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় যাতায়াতৰ ক্ষেত্ৰত ৷

লগতে পঢ়ক :মহিলা আৰক্ষী ধৰ্ষণ কাণ্ড: অভিযুক্ত চিডিআইক গ্ৰেপ্তাৰৰ দাবী

ABOUT THE AUTHOR

...view details