মৰিগাঁও, 22 জুন :মণিপুৰৰ শান্তি-শৃংখলা অটুট ৰাখিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰি সমগ্ৰ ৰাজ্যতে কেন্দ্ৰীয়ভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰে অংশস্বৰূপে মৰিগাঁও জিলাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
বৃহস্পতিবাৰে মৰিগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোষ্ঠীগত সংঘৰ্ষৰ ফলত চুবুৰীয়া ৰাজ্য মণিপুৰত শান্তি অব্যাহত ৰখোৱাৰ বাবে এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰে। ইয়াৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈ প্ৰেৰণ কৰে ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী আৰু সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গঠিত কালৰে পৰা অসমৰ জাতীয় জীৱনৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সংকটৰ সময়ত ইয়াৰ সমাধানৰ বাবে মাত মাতি অহাৰ বিষয়ে অৱগত কৰে।