মৰিগাঁও,17 আগষ্ট:সোমবাৰৰ দিনটোত কা বিৰোধী প্ৰতিবাদত উত্তাল হ’ল মৰিগাঁৱৰ আকাশ-বতাহ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সোমবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হ’ল প্ৰতিবাদ ৷ সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA 2020 বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
মৰিগাঁৱত এজেৱাইচিপিৰ উদ্যোগত মানৱ শৃংখল
নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে পুনৰ গা কৰি উঠিছে ৰাজ্যত ৷ সমান্তৰালকৈ EIA 2020 বাতিলৰ দাবীতো সৰৱ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷ সোমবাৰে ৰাজ্যজুৰি এইসমূহ দাবী উত্থাপন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মৰিগাঁৱৰ ৰাজপথতো দেখা গৈছে একেই পৰিৱেশ ৷
মৰিগাঁৱত এজেৱাইচিপিৰ মানৱ শৃংখল
মৰিগাঁৱৰ ৰাজপথত সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷ প্ৰতিবাদকাৰীসকলে বেনাৰ, ফেষ্টুন আদি লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে মুখৰিত কৰে ৰাজপথ । বিগত 2015 চনৰ পৰা ৰাজ্যৰ নাগৰিকসকলৰ লগতে বিভিন্ন দল-সংগঠনে কেবৰ পিছতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিৰন্তৰভাৱে সাব্যস্ত প্ৰতিবাদ কৰে ৷
লগতে চাওকঃপুনৰ বানৰ কবলত জলেশ্বৰৰ বৃহৎ অঞ্চল