মৰিগাঁও,15 নৱেম্বৰ : ৰাজ্যৰ আন আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ মৰিগাঁৱত অসম জাতীয় পৰিষদৰো বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা । দেওবাৰে মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ সমষ্টিটোৰ মৰিগাঁও সমিতিৰ এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷
কেইবাগৰাকী সভাপতি মণ্ডলীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত 21ৰ বিধানসভা নিৰ্বাচনত মৰিগাঁও বিধানসভাৰ সমষ্টিত থকা 21 খন পঞ্চায়তৰ ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত নিজ নিজ মত আগবঢ়ায় প্ৰতিগৰাকী দলীয় প্ৰতিনিধিয়ে ।