অসম

assam

ETV Bharat / state

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ যোগদান সভা - ২০২১ৰ বিধানসভা নিৰ্বাচন

লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচন । গেৰুৱা দলৰ আধিপত্য নোহোৱা কৰিবলৈ কঁকালত টঙালি বান্ধিছে অসম জাতীয় পৰিষদে । বৃহস্পতিবাৰে মৰিগাঁৱত অসম জাতীয় পৰিষদৰ যোগদান সভা অনুষ্ঠিত হোৱাৰ লগতে সমষ্টি সমিতি গঠনৰ উদ্দেশ্যেৰে এখন সভা অনুষ্ঠিত হয় ।

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ যোগদান সভা
মৰিগাঁৱত অসম জাতীয় পৰিষদৰ যোগদান সভা

By

Published : Dec 24, 2020, 7:36 PM IST

Updated : Dec 24, 2020, 8:06 PM IST

মৰিগাঁও, ২৪ ডিচেম্বৰ: ৰাজ্যৰ আন আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদেও জিলাই জিলাই দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে প্ৰস্তুতি চলাইছে । মৰিগাঁৱতো আঞ্চলিক দলটোৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । সমষ্টি সমিতি গঠনৰ উদ্দেশ্য মৰিগাঁৱত এখন সভাৰ অনুষ্ঠিত কৰা হয় । লগতে যোগদান সভাৰো আয়োজন কৰা হয় ।

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ যোগদান সভা

জিলাখনৰ বহুকেইখন আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকসকলে আজি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদ দলত যোগদান কৰে । মৰিগাঁও জিলা আহ্বায়ক সমতিৰি উদ্যোগত পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশ লৈ বিশিষ্ট চলচিত্ৰ প্ৰযোজক পৰিচালক তথা জাতীয়তাবাদী নেতা বাণীকান্ত দাসে শাসকীয় বিজেপি দলৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ যোগদান সভা

তেওঁ লগতে কয় যে, আগন্তুক দিনত এ জে পিয়ে ৰাজ্যৰ প্ৰতিটো পৰিয়ালক ৮৫০ টকাৰ পৰিৱৰ্তে ৮৫০০ টকা উপাৰ্জনৰ পথ মুকলি কৰাৰ কথা চিন্তা কৰিছে । আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনৈতিক ৰূপ হিচাপে আত্মপ্ৰকাশ কৰা দলটোৱে স্বাভাৱিকতেই অসমৰ ৰাইজৰ মাজত সুকীয়া স্থান লাভ কৰিছে ।

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ যোগদান সভা

এতিয়া জাতীয়তাবাদী চিন্তাৰে সাধাৰণ ৰাইজক উদ্বুদ্ধ কৰি আঞ্চলিক দলটোৱে বিধানসভা নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক:অনাথ শিশুৰ মাজত খাদ্য বিতৰণ অসম ৰাইফলছৰ

Last Updated : Dec 24, 2020, 8:06 PM IST

ABOUT THE AUTHOR

...view details