মৰিগাঁও,1 ফেব্ৰুৱাৰী: সমাগত 2021 ৰ অসম বিধানসভা নিৰ্বাচন ৷ যাৰ বাবে এতিয়া ভাষণ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ নিজ নিজ ৰাজনৈতিক কৌশলেৰে ভোটাৰ ৰাইজৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা,কৰ্মী সকলে ৷ ইয়াৰ মাজতে সোমবাৰে মৰিগাঁৱত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাবেশ ৷ মৰিগাঁও বিহুতলী অসম জাতীয় পৰিষদৰ উদ্যোগত আৰু মৰিগাঁও সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই বিশাল জাতীয় জাগৰণ সমাবেশ ৷
মৰিগাঁৱত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাবেশ
মৰিগাঁও বিহুতলী অসম জাতীয় পৰিষদৰ উদ্যোগত মৰিগাঁৱত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাবেশ ৷ সমাবেশত অংশগ্ৰহণ কৰি শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে ৷
উল্লেখ্য যে, মৰিগাঁও জিলা সমিতিৰ সভাপতি অৰবিন্দ হাজৰিকাৰ পৌৰাহিত্যত অনুষ্ঠিত এই জাতীয় জাগৰণ সমাবেশত উপস্থিত থাকে প্ৰায় দহ সহস্ৰাধিক সমৰ্থক ৷ এই সমাবেশত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে শাসকীয় বিজেপিৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ষ লগতে চৰকাৰৰ বিৰুদ্ধে বহুতো অভিযোগ উত্থাপন কৰি আগন্তুক দিনত গণতন্ত্ৰক বচাই ৰাখিবলৈ আহ্বান জনাই নেতা গৰাকীয়ে ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয়মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটক পুঁজিপতিৰ বাজেট বুলি অভিহিত কৰে লুৰিণজ্যোতি গগৈয়ে ৷
লগতে পঢ়কঃসাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ