মৰিগাঁও,১৭ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত অব্যাহত আছে মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । এইবাৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জাগীৰোডৰ অগপ কৰ্মীসকলে । সমষ্টিটোত বিজেপিৰে মিত্ৰতা ভংগ কৰি সংবাদমেল সম্বোধন কৰিলে একাংশ অগপ কৰ্মীয়ে ।
জাগীৰোড সমষ্টিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰি বিজেপিৰ লগত মিত্ৰতা ভংগ কৰা বুলি ঘোষণা কৰে অগপৰ জাগীৰোড আঞ্চলিক সমিতিয়ে । মিত্ৰতাৰ চুক্তি পীযুষ হাজৰিকাই কেতিয়াবাই অৱমাননা কৰি অহাৰ অভিযোগ অগপৰ ।