মৰিগাঁও,17 নৱেম্বৰ:আজিৰে পৰা আৰম্ভ হৈছে আঘোণ মাহ ৷ আজি পহিলা আঘোণ ৷ লখিমীক আদৰাৰ ভৰপক বতৰ ৷ চাওঁতে চাওঁতে চহা অসমীয়াৰ বৰঘৰত সোমালে আঘোণে ৷ শাওণৰ ভৰা পথাৰত দুপতীয়া সেউজী সপোনৰ বীজ সিঁচা ৰাজ্যৰ কৃষকসকল এতিয়া ব্যস্ত পকা ধান চপোৱাত ৷ ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষি প্ৰধান সমাজখনে বছৰটোৰ বাবে আঘোণতে চপাই থয় সোণগুটি ৷
লখিমীক আদৰিবলৈ সাজু আঘোণ... - মৰিগাঁও
মৰিগাঁৱৰ পথাৰত দেখা গৈছে আঘোণৰ ব্যস্ততা ৷ ধান দাই থকাৰ মাজতে দাৱনীসকলে মিলি জুতি লৈছে এসাঁজ ভাতৰ ৷ সকলোৱে উপভোগ কৰিছে আঘোণৰ মাদকতা ৷
আঘোণৰ পথাৰ
প্ৰতি বছৰৰ দৰে এইবাৰো মৰিগাঁৱৰ পথাৰত দেখা গৈছে আঘোণৰ ব্যস্ততা ৷ ধান দাই থকাৰ মাজতে দাৱনীসকলে মিলি জুতি লৈছে এসাঁজ ভাতৰ ৷ কোনোৱে যদি আলু পোৰা,পিতিকা ভাত খাইছে,কোনোৱে আকৌ মাছৰ টেঙাৰে জিভাৰ জুতি মাৰিছে ৷ মুঠৰ ওপৰত দাৱনীসকলে ধান দাই থকাৰ মাজতে উপভোগ কৰিছে আঘোণৰ ৰৌদ্ৰোজ্জল দুপৰীয়া ৷
লগতে চাওকঃবৰপেটাৰ হাউলীত চণ্ডী বৰুৱা স্মৃতি ভৱন উন্মোচন মুখ্যমন্ত্ৰীৰ