অসম

assam

By

Published : Mar 24, 2023, 9:49 PM IST

ETV Bharat / state

Morigaon PHE: জাৱৰৰ মাজত মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি প্ৰকাশ কৰা বিজ্ঞাপন পত্ৰিকা

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বিজ্ঞাপনৰ নামত কোটি কোটি টকা ব্যয় কৰিছে ঠিকেই ৷ কিন্তু প্ৰশ্ন হয় কিমান ফলপ্ৰসূ হৈছে চৰকাৰী বিজ্ঞাপন (Assam govt advertisement expenditure) ? মৰিগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিজ্ঞাপন বাবে প্ৰকাশ কৰা প্ৰচাৰ পত্ৰিকা এতিয়া পৰি ৰৈছে নলা-নৰ্দমা বা জৱৰৰ মাজত ৷

Morigaon PHE
জাৱৰৰ মাজত মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি প্ৰকাশ কৰা বিজ্ঞাপন পত্ৰিকা

জাৱৰৰ মাজত মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি প্ৰকাশ কৰা বিজ্ঞাপন পত্ৰিকা

মৰিগাঁও, 24 মাৰ্চ: মৰিগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজৱ কাণ্ড ৷ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিক জনমুখী কৰি তোলা তথা প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ ৰাইজৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি ছপা কৰি উলিওৱা গোহাৰি পত্ৰ জাৱৰৰ নৰ্দমাত পেলাই দিয়া কাৰ্যক লৈ এতিয়া জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Morigaon Public health department) ।

উল্লেখ্য যে, ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি জনস্বাস্থ্য বিভাগে বিজ্ঞাপনৰ বাবে ছপা কৰা প্ৰচাৰ পত্ৰিকা, গোহাৰি পত্ৰ মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে নৰ্দমা আৰু ডাষ্টবিনত পেলাই দিয়া সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে আৰ টি আই কৰ্মী ৰাজু মহন্তই (RTI activist Raju Mahanta) ৷ ৰাইজৰ পৰা সংগ্ৰহ কৰা বিশাল ধনৰাশি খৰচেৰে বিজ্ঞাপনৰ নামত পত্ৰিকা প্ৰকাশ কৰি এইদৰে আৱৰ্জনা কৰি পেলোৱা কাৰ্যৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমালোচনা আৰ টি আই কৰ্মীগৰাকী ৷ বিজ্ঞাপনৰ পত্ৰিকাসমূহ এতিয়া মৰিগাঁও চহৰৰ জাৱৰৰ মাজত (Misuse of public funding in Assam) ৷

মন কৰিবলগীয়া যে, চৰকাৰী আঁচনিসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰেও ব্যয় কৰিছে কোটি কোটি টকা ৷ এক প্ৰকাৰে বিজ্ঞাপনৰ নামত ধন খৰচ কৰি চমক সৃ্ষ্টি কৰিছে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে (Assam govt advertisement expenditure) ৷

অসম বিধানসভাৰ বাজেট অধিৱেশন দাখিল কৰা তথ্য অনুসৰি ঋণৰ ওপৰত ঋণ লৈ অভিলেখ সৃষ্টি কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 22 মাহতে বিজ্ঞাপনৰ নামত ব্যয় কৰিলে 131 কোটি টকা ৷ এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে সঁচাই যদি চৰকাৰখনে উন্নয়ন সাধিছে তেন্তে ৰাজকোষৰ বুজন পুঁজি কিয় বিজ্ঞাপনৰ নামত ব্যয় কৰিবলগীয়া হৈছে ? চৰকাৰখনৰ এনে চমকপ্ৰদ বিজ্ঞাপনৰ বাবেই বিৰোধীয়ে বিজেপি চৰকাৰ ‘বিজ্ঞাপন’তহে আছে বুলি প্ৰায়ে কটাক্ষ কৰে ৷

ৰাইজৰ ওপৰত ধাৰৰ বোজা জাপি দি চৰকাৰখনে বিজ্ঞাপনৰ যোগেদি উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিজ্ঞাপনৰ নামতে ওলাই গৈছে বৃহৎ পৰিমাণৰ ধন ৷

লগতে পঢ়ক:Assam govt in debt: ২২ মাহতে বিজ্ঞাপনত ১৩১ কোটি টকা ব্যয় কৰি অভিলেখ শৰ্মা চৰকাৰৰ

ABOUT THE AUTHOR

...view details