অসম

assam

By

Published : Jan 16, 2021, 11:25 AM IST

ETV Bharat / state

বটদ্ৰৱাত পথ দুৰ্ঘটনা:নিহত এজন

বটদ্ৰৱাৰ ৰাইডঙীয়াত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী ৷ নিহত লোকজন ধিং বেচামাৰীৰ আছিকুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে ।

বটদ্ৰৱাত পথ দুৰ্ঘটনা:নিহত এজন
বটদ্ৰৱাত পথ দুৰ্ঘটনা:নিহত এজন

মৰিগাঁও,16জানুৱাৰী: বটদ্ৰৱাৰ ৰাইডঙীয়াত ভয়ংকৰ পথ দুর্ঘটনা ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী । নিহত লোকজন ধিং বেচামাৰীৰ আছিকুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, AS02H 5969 নম্বৰৰ এখন মটৰ চাইকেলেৰে নগাঁৱৰ পৰা নিজ গৃহলৈ গৈ আছিল আছিকুৰ ৰহমান ৷ সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী চাৰিচকীয়া বাহনে মহতিয়াই লৈ যায় মটৰ চাইকেল আৰোহীজনক ৷ যাৰ ফলত থিতাতে নিহত হয় মটৰ চাইকেল আৰোহী আছিকুৰ ৰহমানৰ ৷

ইফালে, ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় ৰাইজে খবৰ দিয়ে জাজৰি আৰক্ষীক ৷ জাজৰী আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে নগাঁৱলৈ ৷

অন্য এক খবৰৰ বাবে: সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ABOUT THE AUTHOR

...view details