মৰিগাঁও, 7 আগষ্ট :শেহতীয়াকৈ অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষই ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত যোগদান কৰিছে ৷ এই লৈ অসমত বিভিন্নজনৰ মাজত ভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷
‘অসমত এগৰাকী শিক্ষাগুৰুৱে কোনোবা ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত আনুষ্ঠানিকভাৱে যোগদান কৰা ঘটনা বোধহয় এইয়াই প্ৰথম । এই ধৰণৰ মহাবিদ্যালয়ৰ শিক্ষক, মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ সংগঠনত যোগদান কৰি প্ৰত্যক্ষভাৱে ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হোৱাটো অত্যন্ত লজ্জাজনক আৰু দূভাৰ্গ্যজনক কথা । একে সময়তে অসমৰ শৈক্ষিক ইতিহাসৰ কাৰণে ই এক কলংকিত অধ্যায়’, সোমবাৰে এই মন্তব্য প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই ।
সোমবাৰে মৰিগাঁও শ্বহীদ ভৱনত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মা ৷ তাত উপস্থিত হৈ উৎপল কুমাৰ শৰ্মাই ৰাজ্যৰ কলেজ শিক্ষক, অধ্যক্ষই ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত যোগদান কৰাটো অতিকে নিন্দনীয় কথা বুলি মত প্ৰকাশ কৰে । সদৌ অসম ছাত্ৰ সন্থাই এই কাৰ্যৰ তীব্ৰ বিৰোধিত কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।